গোৱালপাৰাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ : সংৰক্ষিত আসনৰ তালিকা ঘোষণা

vote-counting_650x400_61463557974

ডিচেম্বৰৰ ৯ তাৰিখে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত বৰ্ণালী ডেকাই জিলাখনৰ ৮১খন গাঁও পঞ্চায়ত, ১৬খন জিলা পৰিষদ আৰু ৮খন আঞ্চলিক পঞ্চায়তৰ সংৰক্ষিত আসনৰ তালিকা আজি ঘোষণা কৰিছে।

জিলা পৰিষদৰ আসনসমূহৰ ভিতৰত ধূপধৰা, কুচধোৱা, বোদাহপুৰ, দ্বাৰকা আৰু তাকিমাৰীৰ আসনসমূহ অসংৰক্ষিত থাকিব। আনহাতে কৃষ্ণাই, সূৰ্যগিৰি, আমবাৰী, জলেশ্বৰ, চুনাৰি আৰু ভাসনিপাৰা জিলা পৰিষদৰ আসনসূহ মহিলাৰ বাবে সংৰক্ষিত।

ৰংজুলিৰ আসনখন অনুসূচিত জাতি আৰু আগিয়া আৰু ৰাজমিতাৰ আসন দুখন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে।মনোনয়নপত্ৰ জমা দিয়াৰ তাৰিখ ১৯ নৱেম্বৰ। মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২২ নৱেম্বৰ আৰু ১২ ডিচেম্বৰত ভোট গণনা কৰা হ’ব।

অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰাৰ পাছত গোৱালপাৰা চহৰত কংগ্ৰেছ, বিজেপি, অগপ আদি ৰাজনৈতিক দলসমূহে চহৰখনত থকা নিজৰ নিজৰ নিৰ্বাচনী কাৰ্যালয়ত ভীৰ কৰাটো পৰিলক্ষিত হৈছে। গোৱালপাৰা চহৰত থকা দুগৰাকী কংগ্ৰেছ, এগৰাকী বিজেপি আৰু এগৰাকী এআইয়ুডিএফ বিধায়কৰ বাসভৱনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীসকলে নিজৰ নিজৰ সমৰ্থকসহ দিনে নিশাই ভীৰ কৰাটোও পৰিলক্ষিত হৈছে।