নীতি নিয়মৰ মাজেৰে জীম খোলাৰ বাবে চৰকাৰক আহ্বান জীম স্বত্বাধিকাৰীৰ

index.jpgকক

ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে দেশজুৰি বলবৎ হৈ থকা ল’কডাউনৰ ফলত বন্ধ হৈ আছে শৰীৰ চৰ্চাৰ কেন্দ্ৰ তথা জীমবোৰ৷

সম্প্ৰতি লকডাউন কিছু শিথিল কৰাৰ হেতুকে নীতি নিৰ্দেশনাৰ মাজেৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান খোলা দিছে যদিও জীমবোৰ খোলা দিয়াৰ অনুমতি দিয়া নাই৷

নীতি নিয়মৰ মাজেৰে জীমবোৰ খোলা দিয়াৰ বাবে আজি চৰকাৰক আহ্বান জনায় কেইবা গৰাকী শৰীৰ চৰ্চাবিদ তথা জীমৰ স্বত্বাধিকাৰীয়ে৷

আজি বৰপেটা প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত চৰকাৰক এই আহ্বান জনায় জীমৰ স্বত্বাধিকাৰী সকলে৷

সংবাদ মেলত অংশ গ্ৰহণ কৰি মিষ্টাৰ ইণ্ডিয়া খিতাপ প্ৰাপ্ত তথা “ফিটনেছ জীম”ৰ স্বত্বাধিকাৰী দিলীপ দেউৰী আৰু মিষ্টাৰ অসম খিতাপ প্ৰাপ্ত তথা “ফিট ফেক্টৰী জীম”ৰ স্বত্বাধিকাৰী খঞ্জন প্ৰতীম তালুকদাৰে কয় যে, ল’কডাউনৰ নতুন নিৰ্দেশনা অনুসৰি ১ জুনৰ পৰা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান খোলা দিয়া হৈছে আৰু অহা ৮ জুনৰ পৰা বাকী প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা দিয়াৰ চিন্তা চৰ্চা কৰা হৈছে৷

কিন্তু এই নিৰ্দেশনা অনুসৰি শৰীৰ চৰ্চাৰ কেন্দ্ৰ তথা জীমবোৰ শেষৰ পৰ্যায়তহে বিবেচনাৰ বাবে ৰখা হোৱা বুলি তেওঁলোকে জনায়৷

ইমান দিন ধৰি জীমবোৰ বন্ধ ৰখাৰ ফলত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত প্ৰতিনিধিত্ব কৰা শৰীৰ চৰ্চাবিদ সকলৰ লগতে জীমৰ স্বত্বাধিকাৰীসকল আৰ্থিক সংকটত ভোগা বুলি তেওঁলোকে উল্লেখ কৰে৷

সংবাদ মেলত বিশিষ্ট শৰীৰ চৰ্চাবিদ দুগৰাকীয়ে কয় যে, দেশৰ প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কৈছে৷

তেনেক্ষেত্ৰত জীমবোৰ বন্ধ ৰাখি জীমৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা লোকসকল কিদৰে আত্মনিৰ্ভৰশীল হব বুলিও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে৷

সেয়েহে জীমৰ লগত লোকসকলক আত্মনিৰ্ভৰশীল হোৱাৰ স্বাৰ্থত নীতি নিৰ্দেশনা মানি জীমবোৰ খোলা দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় জীমৰ স্বত্বাধিকাৰীসকলে ৷