কৃষকৰ আন্দোলনক প্ৰতিহত কৰিবলৈ হাৰিয়ানা প্ৰশাসনে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। হাৰিয়ানা আৰক্ষীয়ে চৰকাৰী সা-সম্পত্তি ধ্বংস কৰাৰ অভিযোগত অভিযুক্ত কৃষকৰ সম্পত্তি জব্দ কৰিবলৈ আৰম্ভ কৰিছে। কৃষক আন্দোলন আৰম্ভ হোৱাৰ পূৰ্বেই বিভিন্ন সংগঠনক দিয়া হৈছিল এই জাননী।
পঞ্জাৱ আৰু হাৰিয়ানাৰ শম্ভু সীমান্তত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। কৃষকসকলে আৰক্ষীৰ বাধা নেওচি দিল্লী অভিমুখে যাবলৈ সংকল্পবদ্ধ হৈছে। কিন্তু হাৰিয়ানা আৰক্ষীয়ে তেওঁলোকক শম্ভু সীমান্তত আটক কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইয়াৰ মাজতে প্ৰশাসনে কৃষকৰ সম্পত্তি জব্দ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আম্বালা আৰক্ষী থানাই প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে এই আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা কেইবাজনো কৃষক আছে। বহুতে আৰক্ষীৰ বেৰিকেড ভাঙিছে, আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে। মূলতঃ আইন-শৃংখলা ভংগ কৰিবলৈ চেষ্টা কৰিছে। যাৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে।
সেই বিবৃতিত কোৱা হৈছে যে ১৩ ফেব্ৰুৱাৰীৰ পৰা কৃষক আন্দোলন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰশাসনে কৃষক নেতাসকলক জাননী দিছিল। ইয়াত সম্পত্তি জব্দ কৰাৰ কথা কোৱা হৈছিল। সেই হিচাপে প্ৰশাসনে সম্পত্তি জব্দ কৰিবলৈ আৰম্ভ কৰিছে।
তদুপৰি ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি প্ৰচাৰ কৰা কৃষক নেতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিছে।
কৃষকৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত ২ জন আৰক্ষী বিষয়াৰ মৃত্যু হোৱা বুলিও আৰক্ষীয়ে জনাইছে।
প্ৰতিবাদকাৰী কৃষক নেতাৰ বিৰুদ্ধে প্ৰথমে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ৰ অধীনত ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছিল আৰক্ষীয়ে। কিন্তু পিছত তীব্ৰ সমালোচনাৰ বাবে প্ৰশাসনে প্ৰত্যাহাৰ কৰিছে।
আনহাতে কৃষক আন্দোলনৰ সময়ত এই পৰ্যন্ত মৃত্যু হৈছে ৫ জন কৃষকৰ। ইয়াৰে ৪ জনৰ হাৰ্ট এটেকৰ ফলত মৃত্যু হয়। আৰু আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু হয় আন এজন কৃষকৰ।