NORTHEAST NOW (Assamese)

গোলাঘাটত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত; ক’ভিডৰ সৈতে যুঁজিবলৈ অৰ্থনৈতিকভাৱে সাজু থকাৰ কথা ঘোষণা

May 27, 2021 6:18 pm · মীনাক্ষী ফুকন
গোলাঘাটত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। ফটো: নৰ্থইষ্ট নাও।

বিশ্বত্ৰাস ক’ভিডৰ সৈতে যুজঁ দিবলৈ অৰ্থনৈতিকভাৱেও সাজু হৈছে ৰাজ্য চৰকাৰ। আজি এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

গোলাঘাটত ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি বিয়লিভাগত গোলাঘাট ক’ভিড চিকিৎসালয়ত উপস্থিত হ’য়।

স্বাস্থ্যমন্ত্ৰী গৰাকী গোলাঘাটত উপস্থিত হৈ পোনে পোনে গোলাঘাটস্থিত ক’ভিড চিকিৎসালয় পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়।

সাংবাদিকৰে হোৱা কথোপকথনত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ক’ভিড যুদ্ধখনৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে সষ্টম হৈ থকাৰ লগতে অৰ্থনৈতিকভাৱেও সাজু হৈ আছে বুলি উল্লেখ কৰে।

তেওঁ লগতে মুখ্যমন্ত্ৰীয়ে লোৱা মিছনৰ ভৱিষ্যত পৰিকল্পনাত সহযোগ কৰিবলৈ সকলো জন প্ৰতিনিধি  আৰু বিভিন্ন বিভাগৰ বিষয়া-ববীয়া সকলক আহ্বান জনায়।

ইয়াৰ পিছতেই স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ বিষয়া- চিকিৎসকৰে এক আলোচনাত মিলিত হ’য়।

মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শনৰ  সময়ছোৱাত সংগ দিয়ে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।

Related News