অসমত কোভিড-১৯ত মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বনিম্ন: হিমন্ত বিশ্ব শৰ্মা

Story-2-8-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত কোভিড-১৯ত মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বনিম্ন হৈয়ে আছে।

‘’অসমত কোভিড-১৯ত মৃত্যুৰ হাৰ হৈছে ০.২৪শতাংশ যিটো দেশৰ ভিতৰতে সৰ্বনিম্ন,’’-দেওবাৰে সংবাদ মাধ্যমৰ আগত শৰ্মাই এইকথা সদৰী কৰে।

তেওঁ লগতে কয়,’’এইক্ষেত্ৰত অসমৰ পাছত আছে কেৰালা আৰু ত্ৰিপুৰা।‘’

উল্লেখযোগ্য যে অসমত এতিয়ালৈকে কোভিড-১৯ত আক্ৰান্ত হৈ ১০৫জন লোকৰ মৃত্যু হৈছে। দেওবাৰে চাৰিজন লোকৰ এই ভাইৰাছৰ ফলত মৃত্যু হৈছে।

মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে আৰোগ্যৰ হাৰ৭৫ শতাংশৰে অসমে দেশৰ ভিতৰত চতুৰ্থ স্থানত আছে।

এইক্ষেত্ৰত অসমৰ ওপৰত আছে ক্ৰমে দিল্লী(৮৯শতাংশ), হাৰিয়ানা(৮১শতাংশ) আৰু তামিলনাডু (৭৬শতাংশ)।

‘’আমি এতিয়ালৈকে প্ৰতি এক নিযুত লোকৰ ভিতৰত ২৭,৫৪৪টা টেষ্ট কৰিবলৈ সক্ষম হৈছো যিটো দেশৰ ভিতৰত শীৰ্ষৰ পঞ্চম স্থানত আছে,’’-মন্ত্ৰীগৰাকীয়ে লগতে কয়।

মন্ত্ৰী শৰ্মাই কয়,’’আমি  এক আৰ্হিৰ বাবে নহয়, মানৱতাৰ এক বৃহত্তৰ লক্ষ্যৰে কাম কৰি আছো। মহামাৰীৰ বিৰুদ্ধে যুঁজখনত আমাৰ দায়বদ্ধতা মজবুত।‘’