তাপে দহিছে জীৱন! ভাত-ৰুটীতকৈও অধিক দামত বিক্ৰী হৈছে বৰফ 

আফ্ৰিকাৰ দেশ মালিত প্ৰচণ্ড গৰমে সৃষ্টি কৰিছে অভিলেখৰ। দেশখনৰ কিছুমান অঞ্চলত অত্যধিক গৰমৰ বাবে গাখীৰ আৰু ৰুটিতকৈও অধিক মূল্যত বিক্ৰী হৈছে বৰফ।

দেশখনৰ ৰাজধানী বামাকোৰ ফাটোমা যত্তৰা নামৰ এজন ১৫ বছৰীয়া কিশোৰে গৰম সহ্য কৰিব নোৱাৰি এখন স্থানীয় দোকানৰ পৰা বৰফ কিনিবলৈ আহিছিল। দীৰ্ঘদিন ধৰি বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ বাবে ফাটোমাৰ ঘৰৰ ফ্ৰীজটোৱে কাম কৰা নাছিল। যাৰ বাবে তেওঁ বৰফৰ টুকুৰা ক্ৰয় কৰিবলৈ গৈছিল।

উল্লেখ্য যে দেশখনৰ শক্তি কোম্পানীয়ে ক্ৰমবৰ্ধমান চাহিদাৰ লগত খাপ খুৱাবলৈ ব্যৰ্থ হোৱাৰ বাবে যোৱা এছবৰ ধৰি দেশখনৰ বিভিন্ন অঞ্চলত বিদ্যুৎ সেৱা বন্ধ হৈ আছে। আনহাতে দাৰিদ্ৰতাৰ লগত যুঁজি থকা দেশবাসীয়ে জেনেৰেটৰ ব্যৱহাৰ কৰাৰ কথাও ভাবিব নোৱাৰে। যাৰ ফলত এনে প্ৰচণ্ড গৰমত বিজুলী পাংখাও ব্যৱহাৰ কৰিব পৰা নাই তেওঁলোকে।

ইফালে দেশখনৰ ইৰিমাদিয়ো জিলাৰ এগৰাকী যুৱতী সোমাইলা মাইগাই কয়, ‘আমি সঁচাকৈয়ে কষ্ট পাইছো। ৰাতি তাপমাত্ৰা ৪৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়। অত্যন্ত গৰমত টোপনি নাহে। বৰ অসহ্যকৰ। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মাজে মাজে শৰীৰত পানী ঢালি থাকিব লাগে।’

উল্লেখ্য যে যোৱা মাৰ্চ মাহৰ পৰা মালিৰ বেছিভাগ ঠাইতে তাপমাত্ৰাই ৪৮ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। তীব্ৰ গৰমৰ বাবে ইতিমধ্যে ১০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বৃদ্ধ আৰু শিশুসকলে ভয়ংকৰ স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজ দিব লগা হৈছে। 

দেশখনৰ বামাকো ইউনিভাৰ্চিটি হাস্পতালত কৰ্মৰত অধ্যাপক ইয়াকুবা টোলোবাই কৈছে, ‘ ডিহাইড্ৰেচনৰ বাবে ইয়াত প্ৰতিদিনে প্ৰায় ১৫ জন ৰোগীক ভৰ্তি কৰা হয়।’

অতিমাত্ৰা গৰমৰ বাবে বন্ধ কৰি দিয়া হৈছে দেশখনৰ বিদ্যালয়সমূহ। 

ৱৰ্ল্ড ৱেদাৰ এট্ৰিবিউচন (WAA)ৰ বিজ্ঞানীসকলে এই সম্পৰ্কত কয় যে অতি বেছি উষ্ণতাৰ বাবে মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তন দায়ী।

বতৰ বিজ্ঞানৰ প্ৰতিবেদন অনুসৰি অহা কেইসপ্তাহমান এই দেশখনৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হ’ব পাৰে।