NORTHEAST NOW (Assamese)

ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰম অসন্মান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ

December 15, 2023 7:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 14, 2023 11:19 pm

ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ অনশন আন্দোলনে দশম দিন অতিক্ৰম কৰাৰ পাছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু এয়া গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰম ভেঙুচালি বুলি আখ্যা দিছে।

ডি ৱাই এফ আইয়ে প্ৰাদেশিকীকৰণ কৰিবলৈ বাকী থকা সকলো ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি চৰ্তহীনভাৱে প্ৰাদেশিকীকৰণ কৰিবলৈ দাবী জনাইছে।

আচৰিত কথা যে চচলত দহ দিন ধৰি অনিৰ্দিষ্টকালীন অনশন চলাই থকা শিক্ষকসকলৰ শাৰীৰিক অৱস্থা ক্ৰমাৎ বেয়াৰ ফালে গতি কৰিছে যদিও চৰকাৰে কোনো গুৰুত্ব দিয়া নাই।

প্ৰচণ্ড শীতৰ মাজত অনশন কৰি থকা শিক্ষকসকলৰ ছয় জনৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে। কিন্তু ইমানৰ পাছতো নিৰ্দয় চৰকাৰখনে কোনো গুৰুত্ব দিয়া নাই, অথচ এইখন চৰকাৰৰ নেতাসকলেই নিৰ্বাচনৰ পূৰ্বে সকলো ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

আনহাতে প্ৰাদেশিকীকৰণৰ নামত একাংশ শিক্ষকৰ টিউটৰ আখ্যা দি চৰম অপমান আৰু অন্যায় কৰা পৰিলক্ষিত হৈছে। প্ৰাদেশিকীকৰণৰ নামত ২,১০৭ খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৬,৪৮৬ গৰাকী আৰু ১,৬৯৮ খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৩,৩০৯ গৰাকী শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণ কৰি টিউটৰ হিচাপে মৰ্যাদা দিছে। আচৰিত কথা যে সহস্ৰাধিক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো পূৰ্ণপৰ্যায়ৰ কৰ্মচাৰীৰ মৰ্যাদা দিয়াৰ পৰিৱৰ্তে টিউটৰ সদৃশ পদৰ মৰ্যাদা দিছে। এয়া ডাঙৰ অন্যায়। এই অন্যায় বন্ধ কৰি টিউটৰসকলক পূৰ্ণপৰ্যায়ৰ শিক্ষক আৰু কৰ্মচাৰীসকলক পূৰ্ণপৰ্যায়ৰ কৰ্মচাৰীৰ মৰ্যাদা দিবলৈ ডি ৱাই এফ আইয়ে দাবী জনাইছে।

Related News