‘ঘোষিত বিদেশী’, অৱসৰপ্ৰাপ্ত সেনা বিষয়া ছানাউল্লাহক সম্ভৱপৰ সকলো সহায় কৰিব ভাৰতীয় সেনাই

Sona-Ullah-750x375The Indian Army unit at Guwahati’s Narengi area, (Sub Area 51) stands by the Ex Service Man Md. Sona Ullah (ESM) and offers all help to his family

অসম আৰক্ষীয়ে অব্যাহতি দিলেও, ভাৰতীয় সেনাৰ গুৱাহাটীৰ নাৰেংগী অঞ্চল (চাব এৰিয়া ৫১)ৰ গোটটোৱে প্ৰাক্তন সেৱাকাৰী মহম্মদ ছানাউল্লাহৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায় কৰিব।

ইয়াতে এই কথা উল্লেখ কৰিব পাৰি যে ছানাউল্লাহে ভাৰতীয় সেনাত ৩০ বছৰ কাম কৰিছিল আৰু সন্মানীয় কেপ্তেইনৰূপে ২০১৭ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত ছানাউল্লাহে অসম আৰক্ষীৰ সীমা শাখাত উপ পৰিদৰ্শক হিচাপে যোগ দিছিল।

অসমৰ কামৰূপ জিলাৰ বকো অঞ্চলৰ অধীনৰ কলাহিক্লেশ্ব গাৱঁত মহম্মদ আলীৰ ঔৰষত মহম্মদ ছানাউল্লাহে ১৯৬৭ চনৰ জন্ম গ্ৰহণ কৰিছিল। নথি মতে, তেওঁ ভাৰতীয় সেনাত ১৯৮৭ চনত যোগদান কৰিছিল আৰু বিভিন্ন দায়িত্ব নিৰ্বাহ কৰিছিল। “২০১২ চনৰ পৰা কাৰ্য্যকৰী হোৱাকৈ কনিষ্ঠ কমিচনদ অ’ফিচাৰ (জে চি অ’) পদবীলৈ পোৱা পদোন্নতিৰ কাৰণে তেওঁ ৰাষ্ট্ৰপতিৰ এক প্ৰমাণ পত্ৰও আৰ্জিবলৈ সক্ষম হৈছিল।”, ক’লে ছানাউল্লাহৰ উকীল চহিদুল ইছলামে।

ছানাউল্লাহৰটোৱে একমাত্ৰ ঘটনা নহয়। ২০১৭ৰ আগৰ ফালে, অসমৰ কামৰূপ জিলাৰ ছয়গাওঁ অঞ্চলৰ এজন বাসিন্দা ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কনিষ্ঠ কমিচনদ অ’ফিচাৰ আজমল হকলৈকো বিদেশী ন্যায়াধিকৰণে এখন জাননী জাৰি কৰিছিল।

লগতে পঢ়ক– ‘ঘোষিত বিদেশী’, অৱসৰপ্ৰাপ্ত সেনা বিষয়া ছানাউল্লাহক চাকৰিৰ পৰাও অব্যাহতি