মহিলাই গান গোৱাটো নিষিদ্ধ,গালেই ঠিকনা হ’ব কাৰাগাৰ! ক’ত?

hani2

যুৱতী-মহিলাৰ কন্ঠ সুললিত,শ্ৰুতি মধুৰ।

সেয়ে বিশ্বৰ সংগীতৰ জগত খনত মহিলাৰ অবাধ আধিপত্য।

যুৱতী গৰাকীৰ নাম হনি। সৰুৰে পৰাই গীত গাই ভালপায়। ঘৰে-বাহিৰে সকলোতে গীতৰ কলি গুণ গুণাই থাকে তাই।

তাইক লৈ ঘৰৰ আন লোক সকলৰ চিন্তা—গান গোৱাৰ বাবেই কেতিয়া বা কাৰাগাৰলৈ যাব লাগে তাই।

হনি সাহসী,বদ্ধপৰিকৰ। তাই গান গাবই।

সেয়ে গান গোৱাৰ অনুমতি বিচাৰি তাই চৰকাৰলৈ আবেদন জনালে। বহু বিচাৰ-বিবেচনাৰ অন্তত চৰকাৰৰ সাংস্কৃতিক দপ্তৰে গান গোৱাৰ অনুমতি দিলে হনিক।

অৱশ্যে চৰ্ত বান্ধি দিলে—হনিৰ গীতৰ শ্ৰোতা হ’ব পাৰিব মাত্ৰ মহিলাহে।

কোনো পুৰুষৰ সন্মুখত হনিয়ে গান গাব নোৱাৰিব। অন্যথা হনিৰ ঠিকনা হ’ব কাৰাগাৰ।

হনিয়ে চৰ্ত মানি ল’লে, গান গালে,কিন্তু কেৱল সীমিত সংখ্যক মহিলা শ্ৰোতাৰ সন্মুখত গীত গাই গাই হনিৰ মন আমুৱালে।

এদিন কোনেও নজনাকৈ হনিয়ে হাতত সৰু ছুটকেছটো লৈ স্বদেশ এৰি যাত্ৰা কৰিলে জাৰ্মানীলৈ।

জাৰ্মানীৰ পৰা যাত্ৰা কুৰ্ডিস্তানলৈ। হনি বৰ্তমান কুৰ্ডিস্তান টিভিৰ জনপ্ৰিয় গায়িকা।

হনিৰ দৰেই দেশ এৰিছে গান গাই ভালপোৱা জাষ্টিনে।

জাষ্টিন গৈছে জৰ্জিয়ালৈ।

ইৰাণৰ যি সকল গান গাই ভালপোৱা যুৱতী-মহিলাই দেশ ত্যাগ কৰা নাই তেওঁলোকৰ বহুতৰে ঠিকনা এতিয়া কাৰাগাৰ।

কাৰণ ইৰাণত মহিলাই গান গোৱা মানা।

মহিলাই গীত গালে পুৰুষ উত্তেজিত হয় বুলি ভৱা হয়। সেই বাবেই ইছলামিক নীতিৰে পৰিচালিত দেশখনত কোনো মহিলাই গান গাব নোৱাৰে।

কেৱল মহিলা শ্ৰোতাৰ সন্মুখত গান গাব বিচৰা গায়িকা সকলে অনুমতি ল’ব লাগে ইৰাণৰ সাংস্কৃতিক আৰু ইছলামিক গাইডেন্স দপ্তৰৰ পৰা।