একশৰণ ভাগৱতী সমাজৰ ১৫ সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন

download

আচাৰ্য ইলাৰাম দাসৰ ফাইল ফটো

৬ জানুৱাৰি দেওবাৰে নাৰায়ণপুৰৰ বঢ়াৰ পো ক্ষেত্ৰত আচাৰ্য ইলাৰাম দাসে প্ৰতিষ্ঠা কৰা একশৰণ ভাগৱতী সমাজৰ ১৫ সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন কৰা হয়। আচাৰ্য ইলাৰাম দাস মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ অনুগামী আছিল।  শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত ৮ জানুৱাৰিৰ পৰা ১০ জানুৱাৰিলৈকে এই ৩ দিনীয়া অধিৱেশনখনঅনুষ্ঠিত কৰা হ’ব।

লাইখুটা স্থাপন অনুষ্ঠানত আগভাগ লৈছিল একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য কমলাকান্ত পাঠকে। এই অনুষ্ঠানত উপস্থিত আছিল বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকা। বিধায়ক হাজৰিকাই একশৰণ ভাগৱতী সমাজৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে। লাইখুটা স্থাপন অনুষ্ঠানৰ পাছত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত একশৰণ ভাগৱতী সমাজ আৰু সাংগঠনিক সমিতিৰ বিভিন্ন কাৰ্যনিৰ্বাহকসকল উপস্থিত থাকে। উক্ত অধিৱেশনত ৫০ হাজাৰ ভক্তক অভ্যৰ্থনা জনোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।