আজি হোজাইলৈ নিয়া হ’ব বৰ্ণিহাটত গ্ৰেপ্তাৰ কৰা হিজবুল মুজাহিদিনৰ লিংকমেন ওমৰ ফাৰুকক

OmarFaruk-750x375

দিচপুৰ আৰক্ষীৰ হাতত বৰ্ণিহাটত গ্ৰেপ্তাৰ হোৱা ওমৰ ফাৰুক। ফটো : নৰ্থইষ্ট নাও

শনিবাৰে হিজবুল মুজাহিদীনৰে জড়িতৰ অভিযোগত বৰ্ণিহাটৰ পৰা দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ওমৰ ফাৰুকক আজি দিচপুৰ থানাৰ পৰা হোজাইলৈ নিয়া হ’‍ব। ওমৰ ফাৰুকৰ ঘৰ হোজাইৰ শ’লমাৰীত। হিজবুল মুজাহিদিনৰ সদস্য কামআৰ উজ জামানসহ তিনিজনক এইপৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইপিনে শনিবাৰে নিশা হোজাইত জেহাদী ওমৰ ফাৰুক আৰু ছাইদুল আলমৰ ঘৰত আৰক্ষীয়ে অভিযান চলায়। লংকা আৰক্ষীয়ে লংকাৰ ৮নং উদালিৰ ছাইদুলৰ ঘৰত নিশা অভিযান চলায়। অভিযানত আৰক্ষীয়ে বহু নথিপত্ৰ জব্দ কৰে।

আনহাতে, যোগীজান আৰক্ষীয়ে ওমৰ ফাৰুকৰ শ’লমাৰীৰ ঘৰত অভিযান চলায়। ওমৰ ফাৰুকৰ পত্নীয়ে সন্তানৰ সৈতে প্ৰায় ৩ মাহ পূৰ্বে ঘৰৰ পৰা পূৰ্বে ওলাই গৈছিল। জানিব পৰা মতে চাৰিজন ককাই-ভাইৰ মাজত ওমৰ হৈছে আটাইতকৈ সৰু। আৰক্ষীয়ে এজনো ভাতৃক ঘৰত বিচাৰি নাপালে।

অসম আৰক্ষী আৰু উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে হিজবুল মুজাহিদিনৰ নেটৱৰ্কৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে দিচপুৰ আৰক্ষীয়ে শনিবাৰে বৰ্ণিহাটৰ পৰা এখন আনন্দমেলাত চকৰি ঘূৰাই থকা কামত নিয়োজিত ওমৰ ফাৰুকক গ্ৰেপ্তাৰ কৰে। হোজাইৰ শ’লমাৰাৰ প্ৰয়াত মোস্তাফুল হকৰ পুত্ৰ ৩৫ বছৰীয়া ওমৰৰ সৈতে কানপুৰত গ্ৰেপ্তাৰ হোৱা আৰু কাশ্মীৰৰ সন্ত্ৰাসবাদী সংগঠনত হিজবুল মুজাহিদিনৰ সদস্য কামাৰ উজ জামানৰ সম্পৰ্ক থকাৰ খৱৰ আৰক্ষীয়ে লাভ কৰিছে।

আৰক্ষীয়ে দাবী কৰা মতে, ঈদৰ ৭-৮ দিনৰ আগতে হিজবুল মুজাহিদিনৰ সদস্য কামাৰ উজ জামান ওমৰ ফাৰুকৰ শ’লমৰাৰ ঘৰত আহি থাকি গৈছিল। ওমৰৰ ঘৰত ৭-৮ দিন কটাই ঈদৰ ৩ দিন পাছত কামাৰ উজ জামান দিল্লীলৈ গৈছিল। তাৰ পিছতে উত্তৰ প্ৰদেশৰ কানপুৰত সন্ত্ৰাসবাদী বিৰোধী গোটৰ (ATS) হাতত জামান গ্ৰেপ্তাৰ হয়।

আনহাতে, ওমৰক কামাৰ উজ জামানৰ সৈতে শ্বহানৱাজ আলম নামৰ এজনে চিনাকি কৰাই দিছিল। ইতিমধ্যে আৰক্ষীয়ে হোজাইৰ পৰা শ্বহানৱাজকো গ্ৰেপ্তাৰ কৰিছে।