ভাৰত-ভুটান সীমান্তৰ পাহাৰপুৰত পাগলদিয়াক ভেটিবলৈ ৰাইজৰ আপ্ৰাণ চেষ্টা

২০১৭ চনৰ পৰা পাগলাদিয়াৰ বুকুত জাহ গৈছে ১৫০ টা পৰিয়ালৰ ঘৰ, ভেটি-মাটি

WhatsApp Image 2022-03-12 at 2.59.08 PM

ফটো: নৰ্থইষ্ট নাও।

তামুলপুৰ আৰু বাস্কা জিলাৰ মাজেৰে ভুটানৰ পাদদেশৰ পৰা বৈ অহা পাগলাদিয়া নদীৰ গৰাখহনীয়াত বিধ্বস্ত হৈ পৰিছে সীমান্তৰ কেইবাখনো গাঁও ৷ চুবুৰীয়া ৰাষ্ট্ৰ  ভুটানৰ পৰা বৈ অহা লেব্ৰা আৰু শিলপাত উপনৈ দুখনো এক নং পাহাৰপুৰত মিলিত হৈছে পাগলাদিয়াৰ বুকুত ৷

খৰস্ৰোতা পাগলাদিয়া নৈৰ সোঁতে  ভাৰত-ভুটান সীমান্তৰ দৰঙামেলাৰ পৰা আৰম্ভ কৰি লেব্ৰা, শান্তিপুৰ, এক নং পাহাৰপুৰ অঞ্চলত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি আহিছে।

বিগত ২০১৭ চনৰ পৰা নদীৰ সোঁত পূব দিশত ঢাল খোৱাত ব্যাপক হাৰত গৰাখহনীয়াৰ সৃষ্টি হৈ লথৰু, যজ্ঞ আৰু পশ্চিম পাটকিজুলিৰ ১৫০ টা পৰিয়ালৰ ঘৰ আৰু ভেটি-মাটি উটুৱাই নি সৰ্বস্বান্ত কৰাত পৰিয়াল কেইটা আন ঠাইত সংস্থাপিত হ’বলগা হৈছে ৷

লগতে পঢ়ক: ৰাইমনা সংৰক্ষিত অভয়াৰণ্যত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ দলৰ মাজৰ সংঘৰ্ষত আহত তিনিজন

তেতিয়াৰে পৰাই অঞ্চলটোত অব্যাহত আছে পাগলাদিয়াৰ খহনীয়াৰ ভয়াবহ ৰূপ ৷

বাৰিষা আহিলেই লেব্ৰা, শান্তিপুৰ, এক নং পাহাৰপুৰ কালঝাৰ, পাটকিজুলি, জাৰাবাৰী, দেৱীনগৰ আদি গাৱঁৰ প্ৰায় সাতশ পৰিয়াল আতংকিত হৈ পৰে ৷

নদীখনৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই গাঁওকেইখনৰ ৰাইজ লগলাগি পাগলাদিয়াৰ তাণ্ডৱৰ পৰা ঘৰ-বাৰী, কৃষিভূমি খহনীয়াৰ কবলৰ পৰা ৰক্ষা পাবলৈ পাগলাদিয়া ভূমি সুৰক্ষা সমিতি নামেৰে এখন ২৫ জনীয়া পৰিচালনা সমিতি গঠন কৰি লৈছে ৷

উক্ত সমিতিখনে বিগত পাঁচ বছৰ ধৰি ৰাইজৰ পৰা দান-বৰঙণি তুলি ৰাইজে পালপাতি শ্ৰমদান কৰি ট্ৰেক্টৰ, জেচিপি লগাই শিল সংগ্ৰহ কৰি পাগলাদিয়াৰ বুকুত  শিল-বালিৰ বান্ধ দি নদীখনৰ সোঁত সলনি কৰিবলৈ প্ৰয়াস কৰিছে ৷ গছৰ ডাল কাটি পাৰ্কুপাইন দি বাঁহৰ বেৰ দিও শিলৰ বান্ধ ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে ৷

লগতে পঢ়ক: অভিলেখ: মহিলা বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰীত পৰিণত ঝুলন গোস্বামী

ৰাইজে অসম চৰকাৰৰ জলসম্পদ বিভাগ, বিটিচি প্ৰশাসন আৰু স্থানীয় বিধায়কক নদীখনৰ গৰাখহনীয়া আৰু ৰাইজে কৰা কামখিনি চাবলৈ অনুৰোধ জনাইছে। ভৱিষ্যতৰ কাৰণে গাৱঁকেইখনক নদীখনৰ পৰা সুৰক্ষিত কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবেও অনুৰোধ কৰিছে ৰাইজে ৷