NORTHEAST NOW (Assamese)

ভাষাক লৈ কাজিয়া : মহাৰাষ্ট্ৰৰ পৰা কৰ্ণাটকলৈ যোৱা সকলো বাছ বন্ধ কৰি দিলে মহাৰাষ্ট্ৰ ৰাজ্যিক পৰিবহণ নিগমে

February 24, 2025 2:45 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাষাক লৈ কাজিয়া আৰম্ভ হৈছে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ মাজত। যাৰ ফলত মহাৰাষ্ট্ৰৰ পৰা কৰ্ণাটকলৈ যোৱা সকলো বাছ বন্ধ কৰি মহাৰাষ্ট্ৰ পৰিবহন নিগমে।

ঘটনাৰ বিৱৰণ অনুসৰি, কৰ্ণাটকৰ বেংগালুৰুৰ পৰা মুম্বাইলৈ আহি থকাৰ অৱস্থাত মহাৰাষ্ট্ৰ পৰিবহন নিগমৰ এখন বাছৰ চালকক কানাড়াভাষী লোকে আক্ৰমণ কৰা ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হয়।

ইয়াৰ পিছতে এই ঘটনাৰ প্ৰতিবাদত মহাৰাষ্ট্ৰৰ পৰা কৰ্ণাটকলৈ যোৱা সকলো বাছ সেৱা বন্ধ কৰি দিয়ে মহাৰাষ্ট্ৰ পৰিবহন নিগমে।

জানিব পৰা মতে, উক্ত বাছখনত দুজন যাত্ৰীয়ে মাৰাঠী ভাষাত কথা পতাক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হয়। যাত্ৰী দুজনে মাৰাঠী ভাষাত কথা পতাত বাছখনৰ কণ্ডাক্টৰে বাধা দিয়ে। ইয়াৰ পিছত কণ্ডাক্টৰ জনক আক্ৰমণ কৰা হয়।

এতিয়া এই দুই ঘটনাক লৈ প্ৰতিবাদৰ জোৱাৰ উঠিছে। দুয়োখন ৰাজ্যতে প্রতিবাদ আৰম্ভ হৈছে।

ইতিমধ্যে কণ্ডাক্টৰজনক আক্ৰমণ কৰাৰ অভিযোগত ৪ জন লোকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Related News