বোকাখাতত দিন দুপৰতে শিক্ষকক গুলিয়াই আহত কৰা মূল অভিযুক্তক আৰক্ষীৰ এনকাউন্টাৰ

পুনৰ অসমত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। বোকাখাতত দিন দুপৰতে এগৰাকী শিক্ষকক গুলীয়াই আহত কৰা অভিযুক্তক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে এনকাউন্টাৰ কৰা লোকজনৰ নাম বাবু শইকীয়া।

শিক্ষকক গুলীওৱা ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা  আৰক্ষীয়ে চলোৱা তীব্ৰ অভিযানৰ অন্তত আজি পুৱা বোকাখাতৰ ৰজা গাঁৱৰ পৰা  গ্ৰেপ্তাৰ কৰা হয় বাবু শইকীয়া নামৰ অভিযুক্তজনক।

গ্ৰেপ্তাৰৰ পিছত এজন আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোঁতেই বাবু শইকীয়ালৈ লক্ষ্য কৰি গুলী চালনা কৰে আৰক্ষীয়ে।

ইতিমধ্যে আহত বাবু শইকীয়াক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

বাবু শইকীয়াৰ আক্ৰমণত আহত হৈছে অজয় নাথ নামৰ এজন আৰক্ষী কনিষ্টবল।

ঘটনাক লৈ অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।