১ কোটিৰো অধিক গছপুলি ৰোপন কৰা ‘বৃক্ষ মানৱ’ গৰাকীৰ বিষয়ে জানো আহক

সমগ্ৰ দেশতে উদযাপন কৰা হৈছে অমৃতা মহোৎসৱ। বিজেপি চৰকাৰে বিভিন্ন ঠাইত গছপুলি ৰোপন কৰি সৃষ্টি কৰিছে চমক।

ইয়াৰ সমান্তৰালকৈ মনে মনে দেশজুৰি সেউজীয়াৰ অভিযান চলাইছে দৰিপল্লী ৰমাইয়াই। সেয়েহে তেলেংগানাৰ বাসিন্দা দাৰিপল্লী ৰমাইয়াক বৰ্তমান ‘ভাৰতৰ বৃক্ষ মানুহ’ বুলি জনা যায়। 

তেওঁ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে ‘Tree man of India’ হিচাপে পৰিচিত। ইতিমধ্যে দৰিপল্লীয়ে ১ কোটিৰো অধিক গছপুলি ৰোপণ কৰিছে। পৰিৱেশ সুৰক্ষাৰ এই বিশেষ অৱদানৰ বাবে ২০১৭ চনত ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ উপাধি প্ৰদান কৰে। 

বৰ্তমান সময়ত ‘গোলকীয় উষ্ণতা বৃদ্ধি’ ৰোধ কৰিবলৈ, পৰিৱেশ আৰু পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ বাবে পৰিৱেশবিদৰ পৰা আৰম্ভ কৰি বিশেষজ্ঞসকলে গছপুলি ৰোপণৰ পৰামৰ্শ আগবঢ়াইছে। কিন্তু, তেলেংগানাৰ খাম্মাম জিলাৰ বাসিন্দা দাৰিপল্লী ৰমাইয়াই ৮০ৰ দশকতেই সেউজ অভিযান আৰম্ভ কৰিছিল। 

ঘৰৰ ওচৰতে য’তেই মুকলি ঠাই দেখে তাতেই পুলি ৰোপণ কৰিছিল বা বীজ সিঁচিছিল। তাৰ বাবে মানুহে তেওঁক পাগল বুলি কৈছিল। কিন্তু, সেই সকলোবোৰ কথাত ৰমাইয়াই গুৰুত্ব নিদিলে। পৰিৱেশ ৰক্ষাৰ বাবে এখন সেউজ পৃথিৱী গঢ়ি তোলাৰ লক্ষ্যত তেওঁ অটল আছিল। 

এটা সময়ত তেওঁৰ আৰ্থিক অৱস্থা ভাল নাছিল। গছ কিনিবলৈ বা বীজ ৰোপণ কৰিবলৈ টকা নাছিল। তেতিয়াও ৰমাইয়াই লক্ষ্যৰ পৰা পিছুৱাই যোৱা নাছিল। 

গছ ৰোপণৰ বাবে য’তেই খালী ঠাই পায় তাতেই পুলি ৰুৱে বা বা বীজ সিঁচি দিয়ে। ফলত তেওঁৰ দ্বাৰা ৰোপণ কৰা গছৰ সংখ্যা আজিও বাঢ়ি আছে। তেওঁ কেৱল গছপুলি ৰোপণ কৰাই নহয়, সেই গছবোৰৰ বিশেষ যত্নও লয়। সেইবাবেই দৰিপল্লী ৰমাইয়া বিশ্বজুৰি ‘ভাৰতৰ বৃক্ষ মানুহ’ হৈ পৰিছে।

লগতে পঢ়কঃ মণিপুৰত ‘আস্থা’ ঘূৰাই আনিবলৈ উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশৰ কমিটি গঠন

লগতে পঢ়কঃ মুখৰ কৰ্কটৰোগৰ বিষয়ে কিছু কথা

লগতে পঢ়কঃ লখিমপুৰত AI4Bharat-ৰ তথ্য সংগ্ৰহ কাৰ্যসূচীৰ সফল সমাপ্তি