• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধিক! ১৭ মাহে চন্দ্ৰযানৰ ৩ হাজাৰ কৰ্মচাৰীক দৰমহা দিয়া নাই মোদী চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2023 7:49 pm
3.1k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে ইছৰোৰ বিজ্ঞানীয়ে সকল দীৰ্ঘদিনীয়া পৰিশ্ৰম আৰু সাধনাৰ ফলস্বৰূপে মহাকাশলৈ চন্দ্ৰযান ৩ সফলভাবে উৎক্ষেপন কৰে। এই সফল উৎক্ষেপনৰ পিছত চন্দ্ৰযান খন সফলভাবে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবেও অৰ্হনিশে কাম কৰি আছে বিজ্ঞানীসকলে। 

ইয়াৰ মাজতে পোহৰলৈ আহিছে চৰকাৰৰ আন এক কলা অধ্যায়। বিগত ১৭ মাহে চন্দ্ৰযান মিছনত কাম কৰি অহা তিনি হাজাৰ বিজ্ঞানী আৰু কৰ্মচাৰী প্ৰাপ্য দৰমহা প্ৰদান কৰা নাই চৰকাৰে। বাৰে বাৰে চৰকাৰলৈ নিজৰ প্ৰাপ্য দৰমহা বিচাৰি পত্ৰযোগে অনুৰোধ কৰি প্ৰাপ্য ধন লাভ নকৰাৰ বাবে ধৰ্মঘট কৰিবলৈও বাধ্য হৈ পৰিছিল এই সকল বিজ্ঞানী তথা কৰ্মচাৰী। 

অৱশ্যে ইছৰোৰ চাকৰিয়াল নহলেও এই সকল কৰ্মচাৰী চন্দ্ৰযান মিছনৰ লগত প্ৰত্যক্ষভাবে জড়িত আৰু প্ৰত্যেকেই কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চাকৰিয়াল। কেন্দ্ৰীয় চৰকাৰৰ গুৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত থক্স ৰাঁচীৰ হেভী ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন চমুকৈ এইচ ই চিৰ চাকৰিয়াল এই সকল বিজ্ঞানী আৰু কৰ্মচাৰী। চন্দ্ৰযান ৩ ৰ বিভিন্ন জটিল যন্ত্ৰপাতি নিৰ্মাণ কৰাৰ দায়িত্ব এই সকল বিজ্ঞানী আৰু কৰ্মচাৰীকে প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে। বিগত তিনি বছৰ ধৰি চন্দ্ৰযানৰ যন্ত্ৰপাতি নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল এই সকল কৰ্মচাৰী। 

কিন্তু চৰকাৰৰ অমনযোগিতাৰ বলি হোৱা হেভী ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যনৰ অৱস্থা তেনেই শোচনীয়। ক্ৰমাৎ মৃত্যুৰ দিশলৈ এই উদ্যোগটোক ঠেলি দিছে মোদী চৰকাৰে। এটা এটাকৈ চৰকাৰী উদ্যোগক এনেদৰেই ধ্বংসৰ গৰাহত পেলাইছে মোদী চৰকাৰে। যোৱা ১৭ মাহে কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকাহেভী ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন নামৰ উদ্যোগটোক কোনো আৰ্থিক সাহাৰ্য আনকি দৰমহা কেইটাও দিয়া নাই কেন্দ্ৰীয় চৰকাৰে। যাৰ বাবে দেশৰ বিজ্ঞান প্ৰযুক্তিৰ বিকাশৰ স্বাৰ্থতে বিনা বেতনেৰে কাম কৰি আহিছে এই ৩ হাজাৰ কৰ্মচাৰীয়ে। 

উল্লেখ্য যে কোটি টকীয়া কাপোৰ পিন্ধা দেশৰ তথাকথিত ফকীৰ প্ৰধানমন্ত্ৰী মোদীৰ পুঁজিপতিৰ প্ৰতি থকা অগাধ প্ৰেম আৰু অদূৰদৰ্শী সিদ্ধান্তৰ বাবেই ডুবিবলৈ আৰম্ভ কৰিছে ইটোৰ পিছত সিটোৰ ৰাজহুৱা উদ্যোগ। হিতাধিকাৰীৰ দৰে অনুৎপাদনশীল ভোটকেন্দ্ৰিক আঁচনিৰ ফলত কেন্দ্ৰীয় সংস্থাসমূহৰ ঋণ ইমানেই বাঢ়ি আহিছে যে বিভিন্ন বিভাগত খালী হৈ পৰি আছে লাখ লাখ পদ। এনে এনে আৰ্থিক দুৰ্দশাৰ বাবে  হেভী ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যনত ২ বছৰ ধৰি  নিযুক্তি দিয়া হোৱা নাই কোনো স্থায়ী ‘মুখ্য পৰিচালন সঞ্চালক’ বা চিএমডৰ। চৰকাৰৰ এই কৰ্মকাণ্ডক লৈ এতিয়া চন্দ্ৰযান নিক্ষেপৰ পিছত চিন্তাত পৰিছে এইসকল বিজ্ঞানী আৰু কৰ্মচাৰী। প্ৰাপ্য দৰমহা নাপায় মূৰে কপালে হাত দিছে এইসকল চৰকাৰী কৰ্মচাৰীয়ে। এই কথা পোহৰলৈ অহাৰ পিছতেই এতিয়া দেশৰ সচেতন মহল আৰু বিৰোধীয়ে তীব্ৰ কটাক্ষ কৰিছে মোডী চৰকাৰক। সকলোৱে দাবী কৰিছে যে দেশৰ বিজ্ঞান প্ৰযুক্তিৰ উন্নতিৰ বাবে সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলক অনতি পলমে প্ৰাপ্য ধন প্ৰদান কৰক চৰকাৰে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd