অতি ৰহস্য ঘন! গভীৰ নিশা, দপদপীয়া বৰষুণ; এখন বাহন আৰু SI জোনমণিৰ শেষ নিশা!

গভীৰ নিশা…. দপদপীয়া বৰষুণ….. এখন মাৰুতি চুজুকীৰ এছ প্ৰেছো বাহন আৰু অকলশৰে বাহনখন চলাই যোৱা SI জোনমণি ৰাভা….. আৰু তাৰ পাছত নিশা প্ৰায় ২ বজাত কলিয়াবৰৰ সৰুভগীয়াত এক পথ দুৰ্ঘটনাত মৃত্যু জোনমণি ৰাভাৰ…. আৰু তাৰ পাছত মাতৃ-মাহীয়েক ভগ্নীৰ অভিযোগ শেষ নিশা প্ৰায় ৩ বজাত আৰক্ষীৰ এটা দলে জোনমণি ৰাভাৰ ঘৰত তালাচী চলাই জব্দ কৰে ১ লাখ টকা। তাৰ পাছতে সামাজিক মাধ্যমত ৰহস্যজনকভাৱে ভাইৰেল মৃত SI ৰ জোনমণিৰ বিৰুদ্ধে এখন বিশেষ এজাহাৰ কপি….. এনে লগা নাই নে এখন নাটক বা চিনেমাৰ দৃশ্যপটহে এয়া।

বিধায়কক ফোনত ধমক দি বা কুখ্যাত অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই লেডী সিংঘমৰ নাম পোৱা SI জোনমণি ৰাভা আৰু নাই। বিশেষকৈ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাক ফোনযোগে ধমক দি জনতাৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল জোনমণি ৰাভা। বিধায়ক অমিয় কুমাৰ ভূঞালৈ জোনমণি ৰাভাৰ শক্তিশালী শেল আছিল এনেধৰণৰ…. আপোনালোক এম.এল.এ মিনিষ্টাৰ হৈ নিয়ম-কানুন বনাই আমাক ভাঙিবলৈ দিলে কেনেকৈ হ’ব?

কিন্তু লেডী সিংঘমৰ খিতাপ পোৱা জোনমণি ৰাভা হেৰাই গ’ল সকলোৰে মাজৰ পৰা….. গভীৰ নিশা…. দপদপীয়া বৰষুণ… ২ বজাত অকলশৰে গাড়ী চলাই ক’লৈ গৈছিল জোনমণি ৰাভা? কিয় নিশা ১০ বজাৰ পৰা মাকৰ ফোন ৰিচিভ কৰা নাছিল জোনমণি ৰাভাই? এইবোৰ প্ৰশ্নৰ লগতে আৰু কেইটামান বিস্ফোৰক প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত।  এই গভীৰ নিশা অসামৰিক পোছাকত ক’ৰ পৰা ক’লৈ গৈছিল জোনমণি?

কিয় অকলশৰে গাড়ী চলাই মৰিকলঙৰ পৰা কলিয়াবৰ পাইছিলগৈ জোনমণি?

আৰক্ষীয়ে চলোৱা নাছিল কোনো অভিযান!

তেন্তে কিয় দোপালপিতা বৰষুণত অকলে বাহন চলাই গৈছিল জোনমণি?

কাকো একো অৱগত নকৰাকৈ (আনকি মাতৃকো) কিয় আৰু ক’লৈ গভীৰ নিশা ওলাই গৈছিল জোনমণি?

কোনোবাই মাতি নিছিল নেকি জোনমণিক? এনেবোৰ প্ৰশ্নৰ মাজতে আন একাংশই আকৌ এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি এক উচ্চস্তৰীয় তদন্তৰো দাবী কৰিছে।

আমাৰ হাতত আহি পৰা জোনমণি ৰাভাৰ মাতৃৰ এক বিস্ফোৰক ভাষ্য এনেধৰণৰ…. “তাইক কোনোবা শত্ৰুৱে মাৰিলে; তাই কেতিয়াও এনেকৈ নমৰে; তাইক ওপৰৰ পৰাও চাপ দিছে”

ইমান আশা আকাংক্ষা থকা মানুহ কেতিয়াও এনেকৈ মৰিব নোবাৰে… তাইক মাৰিলে…

আৰু এটা অভিযোগ আহিছে…. এই অভিযোগ জোনমণিৰ মাহীয়েকৰ। ২ বজাত দুৰ্ঘটনা…. আৰু পুৱতি নিশা ৩ বজাত আৰক্ষীৰ এটা দল গৈ প্ৰায় ১ লাখ টকা জব্দ কৰি লৈ অনা বুলি বিস্ফোৰক অভিযোগ তোলে জোনমণিৰ মাহীয়েকে। সেই টকাখিনি আত্মীয়ৰ চিকিৎসাৰ বাবে ৰাখিছিল আৰু সেইখিনি আৰক্ষীৰ পৰা ঘূৰাই বিচাৰিলে মাহীয়েকে।

এয়া কেনে অভিযোগ… যদি অভিযোগ সঁচা হয় তেন্তে প্ৰায় ২ বজাত দুৰ্ঘটনা আৰু তাৰ পাছত আৰক্ষীৰ দলে গৈ কিয় প্ৰায় ১ লাখ জব্দ কৰি লৈ আনিলে প্ৰায় ৩ বজাত? এই অভিযোগৰ পাছত কিয় এতিয়াও কোনো স্পষ্টীকৰণ আৰক্ষীৰ ফালৰ পৰা দিয়া নাই।

মুঠৰ ওপৰত সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। নিশ্চয়কৈ এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে বুলি সকলোৱে দাবী কৰিছে।

জোনমণিৰ কাহিলীপাৰাৰ বাসগৃহৰ ওচৰ চুবুৰীয়াৰ মনতো সন্দেহৰ সৃষ্টি হৈছে। গাড়ী ভাঙি চুৰমাৰ হৈ গ’ল তথাপিও মুখ বা সন্মুখৰ ফালে থেতেলা খোৱাৰ দাগ নাই কিয়? এই ক্ষেত্ৰত মিডিয়াক তদন্ত কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান ওচৰ চুবুৰীয়াৰ।

চলচ্চিত্ৰ বা নাটকৰ দৰেই ৰহস্যঘন হৈ পৰিছে সমগ্ৰ বিষয়। এফালে গভীৰ নিশা জোনমণিৰ দুৰ্ঘটনা… তাৰ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল এখন বিশেষ এজাহাৰৰ প্ৰতিলিপি। আমিনা খাতুন নামৰ এগৰাকী মহিলাই মৃত্যুৰ পূৰ্বে লখিমপুৰ থানাত এজাহাৰখন দাখিল কৰিছিল। এজাহাৰখনত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্থাপিত হৈছিল বিস্ফোৰক অভিযোগ। মৃত্যুৰ পূৰ্বে জোনমণি ৰাভাৰ বিৰুদ্ধে ৬ লাখ টকা ধন দাবীৰ গোচৰ ৰুজু হৈছিল।

বিগত ৬ মে’ৰ নিশা প্ৰায় ২ বজাত নগাঁৱৰ এছ আই জোনমণি ৰাভাই মুৰমহম্মদ কালিয়া, আজিমুদ্দিন, মুস্তাক আহমেদ, মুক্তাৰ হুছেইন, আটাবুৰ ৰহমান, নজৰুল ইছলাম আৰু ৰিয়াজুল ইছলামৰ সৈতে উপস্থিত হৈছিল আমিনা খাতুনৰ ঘৰত। তাৰ পাছত আমিনা খাতুনৰ পুত্ৰ আজগৰ আলিক প্ৰহাৰ কৰি নিজৰ লগত লৈ গৈছিল। আগজৰ আলীৰ লগতে জোনমণি ৰাভা আৰু দলটোত থকা অন্য আৰক্ষীয়ে নগদ ৮০ হাজাৰ টকা, ভোটাৰ আই ডি, পান কাৰ্ড আৰু আজগৰৰ পত্নীৰ সোণৰ অলংকাৰো কাঢ়ি নিয়ে। আনকি আজগৰৰ ভাতৃ আবু তালেবৰ ব্ৰীজা গাড়ীখনো জোনমণি ৰাভাৰ দলটোৱে লৈ যোৱা বুলি এজাহাৰত উল্লেখ আছে ।

জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে এই ঘটনাৰো ক’ৰবাত নহয় ক’ৰবাত যোগসূত্ৰ আছে নেকি? মৃত্যুৰ আগদিনা এজাহাৰ দাখিল আৰু পাছদিনা এই এজাহাৰ কপি ভাইৰেল হোৱাৰ অন্তৰালত আছে নেকি কিবা ৰহস্য?

ইয়াৰো এক উচিত তদন্তৰ প্ৰয়োজন নাই নে?

মুঠৰ ওপৰত এটাৰ লগত আন এটা ঘটনা বা কাণ্ডৰ সংযোগ থকা যেন লগা নাইনে? এয়া সঁচাকৈয়ে দুৰ্ঘটনা নে পৰিকল্পিত দুৰ্ঘটনা নে চাপ সহ্য কৰিব নোৱাৰি লেডী সিংঘমে বাছি ল’লে চৰম পথ? মাতৃয়ে চিঞৰি চিঞৰি অনা অভিযোগ বা মাতৃয়ে কোৱা অনুসৰি জোনমণিৰ শত্ৰু কোন বা ওপৰৰ পৰা কোনে জোনমণিক হেঁচা দিছিল তাৰো নিশ্চয় এক তদন্তৰ প্ৰয়োজন বুলি সকলোৱে উপলব্ধি কৰিছে।

অৱশ্যে লখিমপুৰ থানাত জোনমণিৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ আৰু জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ গোচৰ CID ক তদন্ত কৰিবলৈ নিৰ্দেশ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP SINGH-য়ে।

কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল, চিৰদিনলৈ হেৰাই গ’ল এগৰাকী সাহসী আৰক্ষী বিষয়া…।