• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অতি ৰহস্য ঘন! গভীৰ নিশা, দপদপীয়া বৰষুণ; এখন বাহন আৰু SI জোনমণিৰ শেষ নিশা!

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
May 18, 2023 12:55 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গভীৰ নিশা…. দপদপীয়া বৰষুণ….. এখন মাৰুতি চুজুকীৰ এছ প্ৰেছো বাহন আৰু অকলশৰে বাহনখন চলাই যোৱা SI জোনমণি ৰাভা….. আৰু তাৰ পাছত নিশা প্ৰায় ২ বজাত কলিয়াবৰৰ সৰুভগীয়াত এক পথ দুৰ্ঘটনাত মৃত্যু জোনমণি ৰাভাৰ…. আৰু তাৰ পাছত মাতৃ-মাহীয়েক ভগ্নীৰ অভিযোগ শেষ নিশা প্ৰায় ৩ বজাত আৰক্ষীৰ এটা দলে জোনমণি ৰাভাৰ ঘৰত তালাচী চলাই জব্দ কৰে ১ লাখ টকা। তাৰ পাছতে সামাজিক মাধ্যমত ৰহস্যজনকভাৱে ভাইৰেল মৃত SI ৰ জোনমণিৰ বিৰুদ্ধে এখন বিশেষ এজাহাৰ কপি….. এনে লগা নাই নে এখন নাটক বা চিনেমাৰ দৃশ্যপটহে এয়া।

বিধায়কক ফোনত ধমক দি বা কুখ্যাত অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই লেডী সিংঘমৰ নাম পোৱা SI জোনমণি ৰাভা আৰু নাই। বিশেষকৈ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাক ফোনযোগে ধমক দি জনতাৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল জোনমণি ৰাভা। বিধায়ক অমিয় কুমাৰ ভূঞালৈ জোনমণি ৰাভাৰ শক্তিশালী শেল আছিল এনেধৰণৰ…. আপোনালোক এম.এল.এ মিনিষ্টাৰ হৈ নিয়ম-কানুন বনাই আমাক ভাঙিবলৈ দিলে কেনেকৈ হ’ব?

কিন্তু লেডী সিংঘমৰ খিতাপ পোৱা জোনমণি ৰাভা হেৰাই গ’ল সকলোৰে মাজৰ পৰা….. গভীৰ নিশা…. দপদপীয়া বৰষুণ… ২ বজাত অকলশৰে গাড়ী চলাই ক’লৈ গৈছিল জোনমণি ৰাভা? কিয় নিশা ১০ বজাৰ পৰা মাকৰ ফোন ৰিচিভ কৰা নাছিল জোনমণি ৰাভাই? এইবোৰ প্ৰশ্নৰ লগতে আৰু কেইটামান বিস্ফোৰক প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত।  এই গভীৰ নিশা অসামৰিক পোছাকত ক’ৰ পৰা ক’লৈ গৈছিল জোনমণি?

Apply Now

কিয় অকলশৰে গাড়ী চলাই মৰিকলঙৰ পৰা কলিয়াবৰ পাইছিলগৈ জোনমণি?

আৰক্ষীয়ে চলোৱা নাছিল কোনো অভিযান!

তেন্তে কিয় দোপালপিতা বৰষুণত অকলে বাহন চলাই গৈছিল জোনমণি?

কাকো একো অৱগত নকৰাকৈ (আনকি মাতৃকো) কিয় আৰু ক’লৈ গভীৰ নিশা ওলাই গৈছিল জোনমণি?

কোনোবাই মাতি নিছিল নেকি জোনমণিক? এনেবোৰ প্ৰশ্নৰ মাজতে আন একাংশই আকৌ এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি এক উচ্চস্তৰীয় তদন্তৰো দাবী কৰিছে।

আমাৰ হাতত আহি পৰা জোনমণি ৰাভাৰ মাতৃৰ এক বিস্ফোৰক ভাষ্য এনেধৰণৰ…. “তাইক কোনোবা শত্ৰুৱে মাৰিলে; তাই কেতিয়াও এনেকৈ নমৰে; তাইক ওপৰৰ পৰাও চাপ দিছে”

ইমান আশা আকাংক্ষা থকা মানুহ কেতিয়াও এনেকৈ মৰিব নোবাৰে… তাইক মাৰিলে…

আৰু এটা অভিযোগ আহিছে…. এই অভিযোগ জোনমণিৰ মাহীয়েকৰ। ২ বজাত দুৰ্ঘটনা…. আৰু পুৱতি নিশা ৩ বজাত আৰক্ষীৰ এটা দল গৈ প্ৰায় ১ লাখ টকা জব্দ কৰি লৈ অনা বুলি বিস্ফোৰক অভিযোগ তোলে জোনমণিৰ মাহীয়েকে। সেই টকাখিনি আত্মীয়ৰ চিকিৎসাৰ বাবে ৰাখিছিল আৰু সেইখিনি আৰক্ষীৰ পৰা ঘূৰাই বিচাৰিলে মাহীয়েকে।

এয়া কেনে অভিযোগ… যদি অভিযোগ সঁচা হয় তেন্তে প্ৰায় ২ বজাত দুৰ্ঘটনা আৰু তাৰ পাছত আৰক্ষীৰ দলে গৈ কিয় প্ৰায় ১ লাখ জব্দ কৰি লৈ আনিলে প্ৰায় ৩ বজাত? এই অভিযোগৰ পাছত কিয় এতিয়াও কোনো স্পষ্টীকৰণ আৰক্ষীৰ ফালৰ পৰা দিয়া নাই।

মুঠৰ ওপৰত সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। নিশ্চয়কৈ এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে বুলি সকলোৱে দাবী কৰিছে।

জোনমণিৰ কাহিলীপাৰাৰ বাসগৃহৰ ওচৰ চুবুৰীয়াৰ মনতো সন্দেহৰ সৃষ্টি হৈছে। গাড়ী ভাঙি চুৰমাৰ হৈ গ’ল তথাপিও মুখ বা সন্মুখৰ ফালে থেতেলা খোৱাৰ দাগ নাই কিয়? এই ক্ষেত্ৰত মিডিয়াক তদন্ত কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান ওচৰ চুবুৰীয়াৰ।

চলচ্চিত্ৰ বা নাটকৰ দৰেই ৰহস্যঘন হৈ পৰিছে সমগ্ৰ বিষয়। এফালে গভীৰ নিশা জোনমণিৰ দুৰ্ঘটনা… তাৰ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল এখন বিশেষ এজাহাৰৰ প্ৰতিলিপি। আমিনা খাতুন নামৰ এগৰাকী মহিলাই মৃত্যুৰ পূৰ্বে লখিমপুৰ থানাত এজাহাৰখন দাখিল কৰিছিল। এজাহাৰখনত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্থাপিত হৈছিল বিস্ফোৰক অভিযোগ। মৃত্যুৰ পূৰ্বে জোনমণি ৰাভাৰ বিৰুদ্ধে ৬ লাখ টকা ধন দাবীৰ গোচৰ ৰুজু হৈছিল।

বিগত ৬ মে’ৰ নিশা প্ৰায় ২ বজাত নগাঁৱৰ এছ আই জোনমণি ৰাভাই মুৰমহম্মদ কালিয়া, আজিমুদ্দিন, মুস্তাক আহমেদ, মুক্তাৰ হুছেইন, আটাবুৰ ৰহমান, নজৰুল ইছলাম আৰু ৰিয়াজুল ইছলামৰ সৈতে উপস্থিত হৈছিল আমিনা খাতুনৰ ঘৰত। তাৰ পাছত আমিনা খাতুনৰ পুত্ৰ আজগৰ আলিক প্ৰহাৰ কৰি নিজৰ লগত লৈ গৈছিল। আগজৰ আলীৰ লগতে জোনমণি ৰাভা আৰু দলটোত থকা অন্য আৰক্ষীয়ে নগদ ৮০ হাজাৰ টকা, ভোটাৰ আই ডি, পান কাৰ্ড আৰু আজগৰৰ পত্নীৰ সোণৰ অলংকাৰো কাঢ়ি নিয়ে। আনকি আজগৰৰ ভাতৃ আবু তালেবৰ ব্ৰীজা গাড়ীখনো জোনমণি ৰাভাৰ দলটোৱে লৈ যোৱা বুলি এজাহাৰত উল্লেখ আছে ।

জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে এই ঘটনাৰো ক’ৰবাত নহয় ক’ৰবাত যোগসূত্ৰ আছে নেকি? মৃত্যুৰ আগদিনা এজাহাৰ দাখিল আৰু পাছদিনা এই এজাহাৰ কপি ভাইৰেল হোৱাৰ অন্তৰালত আছে নেকি কিবা ৰহস্য?

ইয়াৰো এক উচিত তদন্তৰ প্ৰয়োজন নাই নে?

মুঠৰ ওপৰত এটাৰ লগত আন এটা ঘটনা বা কাণ্ডৰ সংযোগ থকা যেন লগা নাইনে? এয়া সঁচাকৈয়ে দুৰ্ঘটনা নে পৰিকল্পিত দুৰ্ঘটনা নে চাপ সহ্য কৰিব নোৱাৰি লেডী সিংঘমে বাছি ল’লে চৰম পথ? মাতৃয়ে চিঞৰি চিঞৰি অনা অভিযোগ বা মাতৃয়ে কোৱা অনুসৰি জোনমণিৰ শত্ৰু কোন বা ওপৰৰ পৰা কোনে জোনমণিক হেঁচা দিছিল তাৰো নিশ্চয় এক তদন্তৰ প্ৰয়োজন বুলি সকলোৱে উপলব্ধি কৰিছে।

অৱশ্যে লখিমপুৰ থানাত জোনমণিৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ আৰু জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ গোচৰ CID ক তদন্ত কৰিবলৈ নিৰ্দেশ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP SINGH-য়ে।

কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল, চিৰদিনলৈ হেৰাই গ’ল এগৰাকী সাহসী আৰক্ষী বিষয়া…।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd