’ৰেপিড-এক্স‘ৰ পৰা ‘নমো ভাৰত’ : উদ্বোধনৰ পূৰ্বে সলনি কৰা হ’ল ছেমি-হাই স্পীড ৰে’লৰ নাম
দেশৰ প্ৰথমখন আঞ্চলিক ছেমি-হাই স্পীড ৰে’লৰ নামকৰণক লৈ সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। উদ্বোধনীৰ আগদিনা ‘ৰেপিড-এক্স’ নামৰ ৰেলখনৰ নাম সলনি কৰি ‘নামো ভাৰত’ কৰা হয়। এই নাম সলনিক লৈ এতিয়া কংগ্ৰেছৰ তীব্ৰ সমালোচনাৰ সমুখীন হৈছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ।
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শ্বাহীবাবাদৰ পৰা ডুবাই অভিমুখী ছেমি-হাই স্পীড ৰে’লখন উদ্বোধন কৰে। এই কথা বুধবাৰে ঘোষণা কৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে।
এই ঘোষণাৰ পাছতেই ভাৰতীয় ৰে’লৱেই যোৱা নিশা ৰে’লখনৰ নাম সলনি কৰি ‘নমো ভাৰত’ কৰে।
এই সন্দৰ্ভত কংগ্ৰেছ নেতা পৱন খেৰাই বিজেপিক কটাক্ষ কৰি এক্স হেণ্ডেলত লিখিছে, ”ভাৰতৰ নাম কিয় ৰখা হৈছে? দেশৰ নামটোও সলনি কৰি নমো কৰিব লাগে।”
কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে লিখিছে, ‘নামো ষ্টেডিয়ামৰ পিছত এতিয়া নমো ট্ৰেইন। আত্মসাৎ আৰু আত্মপ্ৰচাৰৰ কোনো সীমা নাই’।
ইফালে কংগ্ৰেছকো প্ৰত্যুত্তৰ দিছে বিজেপিয়ে। বিজেপিৰ দাবী, ‘কোন আত্মবিভোৰ বা আত্মসাৎকাৰী সেয়া স্পষ্ট। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীসকলেও ষ্টেডিয়ামৰ নাম নিজৰ নামত ৰাখিছিল। ইন্দিৰা গান্ধী ষ্টেডিয়াম, ইন্দিৰা গান্ধী ফৰেষ্ট একাডেমীৰ, ৰাজীৱ গান্ধী গোল্ড কাপ কাবাডী প্ৰতিযোগিতা, ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আদি নামবোৰ কংগ্ৰছে নিজেই ৰাখিছিল।
After Namo stadium now Namo trains. There is simply no limit to his self-obsession. https://t.co/tEt6zU8h5e
— Jairam Ramesh (@Jairam_Ramesh) October 19, 2023
উল্লেখ্য যে, ৰে’লখনৰ সৰ্বোচ্চ গতি ১৮০ কিলোমিটাৰ। কিন্তু বৰ্তমান ভাৰতত সৰ্বাধিক বেগত চলাব পৰা আন্তঃগাঁথনি নাই। ভাৰতীয় ৰেলৱেই এতিয়া প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত চলাৰ অনুমতি প্ৰদান কৰিছে। কিন্তু সেই গতিত কেৱল কিছুমান বিশেষ স্থানতহে চলআব পাৰিব। বাকী সময়খিনিত ঘণ্টাত ১০০ কিলোমিটাৰ বেগত চলিব এই ছেমি-হাইস্পীড ৰে’লখন।