NORTHEAST NOW (Assamese)

কটা হৈছে লাখ লাখ গছ : তিনি ৰাজ্যলৈ জাননী জাৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ

July 16, 2024 11:01 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: July 16, 2024 8:49 am

যোৱা তিনিবছৰত ভাৰতৰ কৃষিভূমিৰ আশে পাশে প্ৰায় ৬০ লাখ গছ কটা হৈছে। ইয়াৰ দ্বাৰা দেশৰ দুখন গুৰুত্বপূৰ্ণ পৰিৱেশ আইন উলংঘা কৰা হৈছে – পৰিৱেশ সুৰক্ষা আইন ১৯৮৬ আৰু বন সংৰক্ষণ আইন ১৯৮০। শেহতীয়াকৈ প্ৰকাশিত এক বাতৰিৰ ভিত্তিত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিজে তৰা এক গোচৰত এই মন্তব্য কৰে।

যোৱা ৪ জুলাইত এন জি টিৰ মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ অৰুণ কুমাৰ ত্যাগীৰ সংমণ্ডল বিচাৰপীঠত গোচৰটোৰ শুনানি গ্ৰহণ কৰা হয়।

শুনানিৰ সময়ত সংমণ্ডল বিচাৰপীঠে এই সন্দৰ্ভত সঁহাৰি জনাবলৈ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু মধ্যপ্ৰদেশ ৰাজ্যৰ বন বিভাগক জাননী জাৰি কৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ৩১ জুলাইত।

১৫ মে’ত নেচাৰ ছাষ্টেনেবিলিটি আলোচনীত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সমগ্ৰ দেশৰ কৃষিভূমিৰ কিছু কিছু অংশত মুঠ ৫৬ লাখ বৃহৎ গছ কাটি পেলোৱা হৈছে। অধ্যয়নটোত উল্লেখ কৰা হৈছে যে ২০১৮ চনৰ পৰা ২০২২ চনৰ ভিতৰত এই বৃহৎ পৰিমাণৰ গছ কটা হৈছিল।

উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰ কৰি চলোৱা সমীক্ষা অনুসৰি মহাৰাষ্ট্ৰ, তেলেংগানাকে ধৰি উত্তৰ-পশ্চিম ভাৰত আৰু মধ্য ভাৰতৰ কিছু অংশত এই ধ্বংসলীলা এতিয়াও অব্যাহত আছে।

ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু অৰুণ কুমাৰ ত্যাগীৰ এখন বিভাগীয় বিচাৰপীঠে লক্ষ্য কৰিছে যে ই পৰিৱেশ সুৰক্ষা আইন, ১৯৮৬ আৰু বন সংৰক্ষণ আইন, ১৯৮০ উলংঘা কৰিছে। সেয়ে ৰাজ্য সমূহলৈ জাননি জাৰি কৰিছে ন্যায়াধিকৰণে। 

Related News