সোমবাৰে শপত ল’ব উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নৱ নিৰ্বাচিত সদস্যই

IMG-20181229-WA0036

উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী পদৰ প্ৰাৰ্থী দেবলাল গাৰ্লচা। ফটো : নৰ্থইষ্ট নাও

অহা ৪ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলৰ  শপত গ্ৰহণ অনুষ্ঠান। হাফলং কালচাৰেল ইনষ্টিটিউট হলত দিনৰ ১২ বজাত এই শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ’ব।

সেইদিনাই দিনৰ ১ বজাত পৰিষদৰ অধ্যক্ষ নিৰ্বাচনৰ জাননী জাৰি কৰা হ’ব। আনহাতে, অধ্যক্ষ পদৰ কাৰণে মনোনয়ন দাখিল কৰাৰ সময় ৫ ফেব্ৰুৱাৰিৰ দিনৰ ১২বজালৈকে ধাৰ্য কৰা হৈছে।

অধ্যক্ষ পদৰ বাবে নিৰ্বাচন  ৬ ফেব্ৰুৱাৰিৰ দিনৰ ১২ বজাত স্বায়ত্ত শাসিত  পৰিষদ সচিবালয়ত অনুষ্ঠিত হ’ব। ৰাজনৈতিক সূত্ৰ অনুসৰি ৰাণু লাংথাছাই বিজেপি শাসিত পৰিষদখনৰ পৰৱৰ্তী অধ্যক্ষা হ’ব। আনহাতে, দেবলাল গাৰ্লচা দ্বিতীয় বাৰৰ কাৰণে মুখ্য কাৰ্যবাহী পদত বহিব।

উল্লেখ্য যে যোৱা  ১৯ জানুৱাৰিত দ্বাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ২২ আৰু ২৩ জানুৱাৰিত ভোট গণনা হৈছিল।

নিৰ্বাচনী ফলাফলত বিজেপি দলে ১৯খন, কংগ্ৰেছ দলে ২খন, অগপই এখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৬ খন আসন দখল কৰিছিল। অৱশ্যে, নিৰ্দলীয় ৬গৰাকী সদস্যই ভোট গণনাৰ দিনাই বিজেপি দলক সমৰ্থন আগবঢ়ায়।

আনহাতে,  অগপৰ একমাত্ৰ সদস্য গৰাকীয়েও বিজেপি দলত যোগদান কৰে। বৰ্তমানে ২৮ আসনৰ পৰিষদত বিজেপিৰ সদস্য সংখ্যা হৈছে ২৬ গৰাকী।