Droupadi Murmu: প্ৰকৃত নাম দ্ৰৌপদী নহয়! নিজেই সদৰী কৰিলে ভাৰতৰ নতুন ৰাষ্ট্ৰপতিয়ে

দ্রৌপদী মুর্মু।

The new President of India revealed মহাভাৰতৰ যুগৰ এই দ্ৰৌপদী নামটো এতিয়া দেশৰ আটাইতকৈ চৰ্চিত নাম। উৰিষ্যাৰ এগৰাকী প্ৰাক্তন স্কুল শিক্ষয়ত্ৰী দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হোৱাৰ পিছতে দেশৰ অভিজাত মানসিকতাতো খলকনি তুলিছে। প্ৰথমবাৰৰ বাবে আদিবাসী মহিলাগৰাকী দেশৰ ৰাষ্ট্ৰপতি হৈছে।

স্বাভাৱিকতে স্বাধীনতাৰ পিছৰ পৰ্যায়ত ভাৰতৰ আদিবাসী জনগণ যথেষ্ট প্ৰগতিশীল। উৰিষ্যাৰ এখন পিছপৰা গাওঁৰ পৰা দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি পদলৈ এই উত্থানৰ কাহিনীয়ে অন্তত: সেই কথা স্পষ্ট কৰিছে।

কিন্তু, যিগৰাকী ব্যক্তিকলৈ দেশত ইমান বহুল চৰ্চা তেওঁ সঁচাকৈয়ে দ্ৰৌপদীনে? আদিবাসী সমাজত এনে নাম বিৰল। এই প্ৰশ্নটোৱে বহুতৰে মনত খুন্দিয়াইছিল যদিও সেয়া প্ৰশ্ন হৈ ওলাই অহা নাছিল আৰু তাৰ উত্তৰো নাছিল। কিন্তু এইবাৰ দেশৰ নতুন ৰাষ্ট্ৰপতিৰ মুখৰ পৰাই ওলাই আহিল প্ৰকৃত সত্যটো।

এক সাক্ষাৎকাৰত দেশৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাষ্ট্ৰপতিগৰাকীয়ে এই কাহিনীটো সদৰী কৰে। তেওঁ জীৱনৰ অতীতলৈ ঘুৰি গ’ল, সেই শৈশৱৰ দিনলৈ। তেতিয়া তেওঁ দ্ৰৌপদী নাছিল। মাকৰটো কথাই নাই, গোটেই ঘৰৰ মানুহ তথা চুবুৰীয়াসকলৰ বাবেও তেওঁ আছিল কেৱল ‘পুটি’। আজিৰ দ্ৰৌপদী মুৰ্মু আছিল শৈশৱৰ ‘পুটি’।

অৱশ্যে, শিক্ষাৰ তাড়না আৰু বিদ্যালয়ৰ চৌহদেই ঘৰৰ সেই নামটো সলনি কৰিলে। ‘পুটি’ক কৰি দিয়া হৈছিল দ্ৰৌপদী। সিও আছিল এটা কাহিনী। য’ত চাওঁতাল সমাজৰ ‘পুটি’ হিন্দু সমাজৰ পৰম্পৰাগত নামটোৰে পৰিচিত হৈছিল। দ্ৰৌপদী, এই নামটো তেতিয়াৰ পৰা বৰ্তমানলৈকে বহন কৰি আহিলেও নাম পৰিৱৰ্তনৰ ইতিহাস পাহৰি যোৱা নাই দেশৰ প্ৰথম আদিবাসী ৰাষ্ট্ৰপতিগৰাকীয়ে।

দ্ৰৌপদী মুৰ্মুৱে সাক্ষাৎকাৰটোত কৈছে, “দ্ৰৌপদী মোৰ প্ৰকৃত নাম নহয়। মোৰ এজন শিক্ষকে মোক সেই নামটো দিছিল। তেওঁ মোৰ আগৰ নামটো ভাল নাপালে। গতিকে তেওঁ ইয়াক সলনি কৰি দিলে।‘’

দেশৰ স্বাধীনতাৰ পিছত জন্ম গ্ৰহণ কৰা প্ৰথম ৰাষ্ট্ৰপতিগৰাকীৰ ‘পুটি’ নামটো এতিয়াও এটা কাৰণত স্মৰণীয় হৈ আছে। অৰ্থাৎ সেয়া চাওঁতালী সমাজৰ ৰীতি। য’ত পৰিয়ালত পুত্ৰৰ জন্ম হয় তাত ইয়াক ককাদেউতাৰ নামেৰে নামাকৰণ কৰা হয় আৰু যদি এজনী ছোৱালী হয় তেতিয়া ই আইতাৰ নামেৰে হয়। এয়া পাৰিবাৰিক উত্তৰাধিকাৰৰ বিষয়।

যি কি নহওক, নামটোতনো কি আছে! শৈশৱৰ পুটি টুডু, স্কুল আৰু কলেজত দ্ৰৌপদী টুডু হৈছিল। বিয়াৰ পিছত দ্ৰৌপদী মুৰ্মু হয়। নামটো সম্পূৰ্ণৰূপে সলনি হৈছে। কিন্তু আজিও তেওঁ এটা আদিবাসী পৰিয়ালৰ কন্যা, বোৱাৰী হিচাপে পৰিচিত। চাওঁতাল সমাজৰ প্ৰতিনিধি তেওঁ। আৰু সেই পৰিচয়েৰেই তেওঁ ভাৰতৰ প্ৰথম আদিবাসী ৰাষ্ট্ৰপতিও।