• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2026 5:15 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ কামৰূপৰ আজাৰা-পলাশবাৰী অঞ্চলৰ কৃষিভূমি, বনভূমি আৰু পুৰণি জনবসতিপূৰ্ণ এলেকা অধিগ্ৰহণ কৰি চৰকাৰে পৰিকল্পনা কৰা ‘এৰ’চিটি’, ‘চেটেলাইট টাউনশ্বিপ’ আৰু ‘উকিয়াম নদী বান্ধ’ প্ৰকল্পৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে নিখিল ৰাভা জাতীয় পৰিষদে। সংগঠনটোৰ অভিযোগ, উন্নয়নৰ নামত চৰকাৰে খিলঞ্জীয়া লোকৰ ভূমি, জীৱিকা, সংস্কৃতি আৰু অস্তিত্বৰ ওপৰত আক্ৰমণ চলাব বিচাৰিছে।

আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি বাবুল চন্দ্ৰ ৰাভা আৰু মুখ্য সম্পাদক গোবিন্দ ৰাভাসহ সংগঠনটোৰ নেতৃবৃন্দই কয় যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকা আৰু আজাৰা-পলাশবাৰী অঞ্চলত বৃহৎ পৰিমাণৰ কৃষিভূমি অধিগ্ৰহণৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেয়া সম্পূৰ্ণৰূপে খিলঞ্জীয়াবিৰোধী। তেওঁলোকৰ মতে, চৰকাৰে এই প্ৰকল্পসমূহ আগবঢ়োৱাৰ পূৰ্বে স্বায়ত্তশাসিত পৰিষদ, স্থানীয় গ্ৰাম সভা বা প্ৰভাৱিত ৰাইজৰ পৰা কোনো নীতিগত সন্মতি গ্ৰহণ কৰা নাই।

Apply Now

সংগঠনটোৱে সংবাদমেলত অভিযোগ কৰে যে দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ইতিমধ্যে ৰাজহ বিভাগে জৰীপৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আজাৰা অঞ্চলত ‘এৰ’চিটি’ আৰু ‘টাউনশ্বিপ’ নিৰ্মাণৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে বুলিও তেওঁলোকে উল্লেখ কৰে। তেওঁলোকৰ ভাষ্য অনুসৰি, এই প্ৰক্ৰিয়া আগবাঢ়িলে বহু খিলঞ্জীয়া পৰিয়াল নিজৰ পৈতৃক ভেটি-মাটি, কৃষিভূমিৰ পৰা বঞ্চিত হৈ পৰিব।

নিখিল ৰাভা জাতীয় পৰিষদৰ নেতৃবৃন্দই কয় যে বৃহত্তৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ খিলঞ্জীয়া ৰাভা জনগোষ্ঠী তথা অন্যান্য স্থানীয় জনগোষ্ঠীৰ ভূমি, সংস্কৃতি আৰু সাংবিধানিক অধিকাৰ সুৰক্ষাৰ উদ্দেশ্যেই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল। কিন্তু বৰ্তমান চৰকাৰে পৰিষদ, স্থানীয় গ্ৰাম সভা আৰু ৰাইজক উপেক্ষা কৰি উন্নয়নৰ নামত যিধৰণে ভূমি অধিগ্ৰহণৰ প্ৰচেষ্টা চলাইছে, সেয়া সাংবিধানিক অধিকাৰৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি।

সংগঠনটোৰ মতে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক এলেকাত বসবাস কৰা লোকসকলৰ ভূমিৰ অধিকাৰৰ ওপৰত এই প্ৰকল্পসমূহ এক গুৰুতৰ আক্ৰমণ। তেওঁলোকে কয় যে যুগ যুগ ধৰি দক্ষিণ কামৰূপৰ এই অঞ্চলৰ থলুৱা লোকসকলে মাটি, পানী, জলবায়ু আৰু বনাঞ্চলৰ সৈতে একাত্ম হৈ কৃষি, পশুপালন, মীনপালন আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। খিলঞ্জীয়া মানুহৰ বাবে মাটি কেৱল সম্পত্তি নহয়, ই তেওঁলোকৰ জীৱন, জীৱিকা, সংস্কৃতি আৰু অস্তিত্বৰ মূল আধাৰ। সেয়েহে এই কৃষিভূমি আৰু ভেটি-মাটি কাঢ়ি লোৱাৰ অৰ্থ হ’ল অঞ্চলটোৰ লক্ষাধিক লোকৰ জীৱন-জীৱিকা বিপন্ন কৰি তোলা।

সংগঠনটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, আজাৰা ৰাজহ চক্ৰৰ পাচনীয়াপাৰা, মাটিকুটুনি, জৱে, দেওৰআলি, জংগলীপাৰা আৰু কামাৰগাঁৱৰ প্ৰায় ২,৬৬২ বিঘা ভূমি অধিগ্ৰহণৰ বাবে চিনাক্ত কৰা হৈছে। একেদৰে পলাশবাৰী ৰাজহ চক্ৰৰ মালিয়াটা, সাতিকৰপা, লোচনা আৰু খেনা আলিবাৰী অঞ্চলৰ প্ৰায় ৪,৩০৭ বিঘা উৰ্বৰ কৃষিভূমিও অধিগ্ৰহণৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

সংগঠনটোৰ অভিযোগ, ইয়াৰ পূৰ্বেও এই অঞ্চলৰ ৰাইজে ভাৰতীয় ৰে’ল, অসম ৰাইফলছ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে বৃহৎ পৰিমাণৰ কৃষিভূমি এৰি দিবলগীয়া হৈছিল। ফলত অঞ্চলটোৰ কৃষিভূমি ইতিমধ্যে যথেষ্ট হ্ৰাস পাইছে।

পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ বাগানত প্ৰস্তাৱিত টাউনশ্বিপ প্ৰকল্পক লৈও সংগঠনটোৱে গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে কয় যে মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্প নহ’ব বুলি মন্তব্য কৰিলেও ২০২৬ চনৰ ২৭ ফেব্ৰুৱাৰীত কোনো ক্ষেত্ৰভূমি স্পষ্ট নকৰাকৈ ‘পলাশবাৰী গ্ৰ’থ চেণ্টাৰ’ সন্দৰ্ভত নিবিদা প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। ইয়াৰ ফলত বৰদুৱাৰ বাগানৰ ২,১০০টাতকৈ অধিক পৰিয়াল আৰু অঞ্চলবাসী ৰাইজ গভীৰ শংকাত পৰিছে বুলি সংগঠনটোৱে মন্তব্য কৰে।

সংগঠনটোৰ নেতৃবৃন্দই লগতে অভিযোগ কৰে যে পাচনীয়াপাৰা, দেওৰআলি আদি গাঁৱৰ প্ৰায় ৫০০ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ বা পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰা হৈছে। তেওঁলোকৰ মতে, এই ধৰণৰ উচ্ছেদ সংবিধানৰ অনুচ্ছেদ ২১ত উল্লেখিত জীৱনৰ অধিকাৰৰো উলংঘন।

ইয়াৰ সমান্তৰালভাৱে ‘উকিয়াম নদী বান্ধ’ প্ৰকল্প সন্দৰ্ভতো নিখিল ৰাভা জাতীয় পৰিষদে উদ্বেগ প্ৰকাশ কৰে। সংগঠনটোৱে কয় যে উকিয়াম নদীৰ ওপৰত বান্ধ নিৰ্মাণ হ’লে নদীখনৰ স্বাভাৱিক গতি বাধাগ্ৰস্ত হ’ব আৰু ইয়াৰ ফলত নামনি অঞ্চলৰ কৃষি, মীনপালন, জলজ সম্পদ আৰু জৈৱ-বৈচিত্ৰ্যৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব। ইমান ডাঙৰ প্ৰকল্পৰ ক্ষেত্ৰতো চৰকাৰে এতিয়ালৈকে স্থানীয় মানুহৰ জীৱন–জীৱিকা আৰু পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে কোনো পৰিৱেশীয় আৰু সামাজিক প্ৰভাৱ মূল্যায়নৰ প্ৰতিবেদন ৰাজহুৱা কৰা নাই বুলি সংগঠনটোৱে অভিযোগ কৰে।

সংবাদমেলত নিখিল ৰাভা জাতীয় পৰিষদে আজাৰা ৰাজহ চক্ৰত প্ৰস্তাৱিত এৰ’চিটি আৰু টাউনশ্বিপৰ বাবে কৃষিভূমি তথা আৱাসিক এলেকা অধিগ্ৰহণৰ প্ৰক্ৰিয়া তাৎক্ষণিকভাৱে বাতিল কৰাৰ দাবী জনায়। সংগঠনটোৱে বৰদুৱাৰ বাগান অঞ্চলত পৰিকল্পিত চেটেলাইট টাউনশ্বিপ প্ৰকল্প আনুষ্ঠানিকভাৱে বাতিল কৰিবলৈও চৰকাৰক আহ্বান জনায়। লগতে কাজিৰঙাৰ হাতীখুলি চাহবাগিচাৰ অন্তৰ্গত ইংলেপথাৰৰ ৪৫টা খিলঞ্জীয়া আদিবাসী পৰিয়ালক উচ্ছেদ কৰি গ্ৰেণ্ড হায়াটক ভূমি হস্তান্তৰৰ সিদ্ধান্ত বাতিল কৰাৰো দাবী তোলে।

সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে উকিয়াম নদী বান্ধৰ ক্ষেত্ৰত পৰিৱেশীয় আৰু সামাজিক প্ৰভাৱ মূল্যায়নৰ প্ৰতিবেদন সম্পূৰ্ণ স্বচ্ছতাৰে ৰাজহুৱা কৰিব লাগিব আৰু স্থানীয় ৰাইজৰ সন্মতি অবিহনে প্ৰকল্পটো আগবঢ়াব নোৱাৰিব। যিকোনো প্ৰকল্প বা ভূমি অধিগ্ৰহণৰ পূৰ্বে স্বায়ত্তশাসিত পৰিষদ, স্থানীয় গ্ৰাম সভা আৰু প্ৰভাৱিত ৰাইজৰ বাধ্যতামূলক লিখিত সন্মতি ল’ব লাগিব বুলিও সংগঠনটোৱে দাবী জনায়।

নিখিল ৰাভা জাতীয় পৰিষদে ইতিমধ্যে আৰম্ভ হোৱা সকলো ধৰণৰ বলপূৰ্বক ভূমি অধিগ্ৰহণ, নিৰ্মাণ কাৰ্য আৰু খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা উচ্ছেদ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায়। সংগঠনটোৱে লগতে উচ্ছেদিত ভূমিহীন পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আৰু চৰকাৰী পুনৰ সংস্থাপন প্ৰদান কৰাৰ লগতে দীৰ্ঘদিন ধৰি বসবাস কৰি থকা লোকসকলক ভূমিপট্টা আৰু ৰায়তী কৃষকসকলক ১৯৭১ চনৰ ৰায়তী আইন অনুসৰি মাটিৰ মালিকীস্বত্ব প্ৰদান কৰাৰ দাবী তোলে।

সংগঠনটোৰ মতে, খিলঞ্জীয়া ৰাভা আৰু অন্যান্য জনজাতীয় লোকসকলৰ পৈতৃক ভূমি, কৃষিভিত্তিক জীৱিকা, সাংস্কৃতিক ঐতিহ্য, জনজাতীয় আৱেষ্টনী আৰু স্থানীয় আৰ্দ্ৰভূমিসমূহ সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ জনজাতীয় আৱেষ্টনীৰ ভূমি গ্ৰাস কৰি জনগাঁথনিৰ শৃংখল ভংগ কৰাৰ যিকোনো প্ৰচেষ্টা বন্ধ কৰিব লাগিব বুলিও সংগঠনটোৱে সকীয়াই দিয়ে।

সংবাদমেলৰ জৰিয়তে নিখিল ৰাভা জাতীয় পৰিষদে চৰকাৰক কঠোৰ ভাষাৰে সকীয়াই দিয়ে যে এই স্পৰ্শকাতৰ বিষয়সমূহ সন্দৰ্ভত চৰকাৰে যদি অতি সোনকালে স্থানীয় ৰাইজ আৰু স্বায়ত্তশাসিত পৰিষদৰ সৈতে আলোচনাত বহাৰ ব্যৱস্থা নকৰে, তেন্তে সংগঠনটোৱে অঞ্চলটোৰ জনগোষ্ঠীয় সংগঠন, গণ-সংগঠন, সংগ্ৰামী কৃষক-শ্ৰমিক সংঘ আৰু উচ্ছেদ বিৰোধী ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সৈতে একত্ৰিত হৈ গণ-আন্দোলন গঢ়ি তুলিব। নিজৰ ভেটি-মাটি, সংস্কৃতি আৰু অস্তিত্ব ৰক্ষাৰ বাবে ৰাভা হাছং আৰু আজাৰা-পলাশবাৰী অঞ্চলৰ ৰাইজ যিকোনো গণতান্ত্ৰিক সংগ্ৰামৰ বাবে সাজু আছে বুলিও সংগঠনটোৱে ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd