মহানগৰীৰ নেডফিৰ প্ৰেক্ষাগৃহত সম্পন্ন হ’ল উত্তৰ পূব পৰ্যটন সমাৰোহ

এন ই ফ’কাচৰ উদ্যোগত মহানগৰীৰ নেডফিৰ প্ৰেক্ষাগৃহত সোমবাৰে অনুষ্ঠিত হৈ যায় উত্তৰ পূব পৰ্যটন সমাৰোহ। উত্তৰ পূবৰ পৰ্যটন ক্ষেত্রসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত হোৱা সমাৰোহখনত পৰ্যটন ক্ষেত্র আৰু পৰ্যটনৰ লগত সম্পৰ্কিত বিভিন্ন বিষয় আলোচনা হয়।

এই সম্পর্কত নৰ্থ ইষ্ট কনক্লেভৰ আয়োজক সংগীতা শইকীয়াই কয় যে পৰ্যটনৰ বিষয়টো এটা বৃহৎ বিষয় বা পৰিসৰ। এই সমাৰোহখনত পৰ্যটনেই নহয়, পৰ্যটনৰ লগত সম্পৰ্কিত বিষয় সমূহো আলোচনা কৰা হয়।

কিদৰে প্ৰকৃতি সংৰক্ষণ কৰি আৰু সেউজ কৰি ৰাখি পৰ্যটনক প্ৰসাৰ কৰিব পাৰি, গাঁওবোৰৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত থলুৱা আহাৰ তথা পৰম্পৰাক প্ৰসাৰ কৰি পৰ্যটনস্থলী হিচাপে পৰ্যবসিত কৰিব সেই সম্পর্কেও আলোচনা কৰা হয়। অৱশ্যে ইয়াৰ বাবে চৰকাৰে দীৰ্ঘ ম্যাদী আঁচনি গ্ৰহণ কৰাৰ কথা পোষকতা কৰে আলোচকসকলে।

সমাৰোহখনত সমল ব্যক্তি হিচাপে ভাৰত চৰকাৰৰ ক্ষেত্ৰীয় সঞ্চালক গুৱাহাটীৰ অনিল ওৰাও, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ মুখ্য বিষয়া উৎপল বৰুৱা, ইনস্টিটিউট অৱ হোটেল মেনেজমেন্টৰ অধ্যক্ষ অমিতাভ দে, হোটেল এন্ড ৰেষ্টুৰা এচচিয়েছনৰ পৰামৰ্শ দাতা ত্ৰিদিপ শৰ্মা, সোণাপুৰ কলেজৰ পৰ্যটন বিভাগৰ প্ৰবক্তা স্বপ্না মেধি, কয়লী টেভেলচৰ স্বত্বাধিকাৰী অৰিজিত পুৰকায়স্থ, জ্যেষ্ঠ কৃষি বিজ্ঞানী শৰৎ শইকীয়া, এপাৰ্টৰ সমন্বয়ক সঞ্জয় শৰ্মা উপস্থিত থাকে।

তিনিখন পেনেল আলোচনা আঁত ধৰে ক্ৰমে স্বপ্ননীল বৰুৱা, ৰঞ্জিত দাস আৰু মৌচম হাজৰিকাই। সমাৰোহত সোণাপুৰ কলেজ, প্ৰাগজ্যোতিষ কলেজ, কটন কলেজৰ পৰ্যটন বিভাগৰ প্ৰবক্তাৰ লগতে ২০০ৰো অধিক ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰাৰ লগতে মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।

হোটেল এন্ড ৰেষ্টুৰা এচচিয়েছনৰ পৰামৰ্শ দাতা ত্ৰিদীপ শৰ্মাই প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ জৰিয়তে দায়িত্বশীল পৰ্যটনৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে। পৰ্যটনৰ আন পাৰ্শ্ব প্ৰভাৱো থাকে কিয়নো এজন পৰ্যটকে তেওঁৰ ভ্ৰমণৰ সময়ত বহুতো উপাৰ্জন কৰিব পাৰে।

মডাৰেটৰ ৰঞ্জিত দাসে অধিবেশনৰ সাৰাংশত কয় যে যদি পৰ্যটনৰ বহনক্ষম ভৱিষ্যত থাকিব লাগে তেন্তে আমি আমাৰ মনোযোগ পুনৰ নিৰ্দেশিত কৰি স্থানীয় জনগোষ্ঠীসমূহৰ কল্যাণ আৰু আগ্ৰহক আগস্থানত ৰাখিব লাগিব। প্ৰকৃতিক সন্মান কৰা, সংস্কৃতিক সন্মান কৰা আৰু আতিথ্য প্ৰদানকাৰীক সন্মান কৰাৰ ধাৰণাৰে আমি পৰ্যটন গঢ়ি তুলিব লাগিব।