• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষ্ণ ৰয়ৰ জীৱনভিত্তিক উপন্যাস ‘আৱাহন’ উন্মোচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2025 6:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী পুৰোধা ব্যক্তি ‘আৱাহন’ থিয়েটাৰৰ প্ৰতিস্থাপক প্ৰযোজক কৃষ্ণ ৰয়ৰ বৰ্ণাঢ্য জীৱন সামৰি ড॰ পৰাগ বৰ্মন আৰু কিশোৰ কুমাৰ কলিতাই যুটীয়াভাৱে প্ৰণয়ণ কৰা জীৱন-ভিত্তিক উপন্যাস ‘আৱাহন’ আজি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰে পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকা , সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মা, অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত পাটোৱাৰী, প্ৰয়াত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ পত্নী প্ৰীতি শইকীয়া আৰু আৱাহন থিয়েটাৰৰ বৰ্তমানৰ প্ৰযোজক বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে৷

গ্ৰন্থখনৰ উন্মোচনৰ আগে আগে উপস্থিত সুধীবৃন্দ আৰু সাংবাদিকৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰি কৃষ্ণ ৰয়ে কয় যে ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতামহ অচ্যুত লহকৰৰ হাতত ধৰি এদিন তেওঁ এক ভ্ৰাম্যমাণী জীৱন গ্ৰহণ কৰিছিল আৰু সেই পৰিক্ৰমাত ‘পাৰ্টনাৰ’ প্ৰয়াত ৰতন লহকৰৰ লগত একেলগে ‘কহিনুৰ থিয়েটাৰ’ যুটীয়াভাৱে প্ৰযোজনা কৰিছিল৷ পাছলৈ আৱাহন থিয়েটাৰৰ জন্ম দি তেওঁ অসমৰ নাট্য জগতত এক নতুন ধাৰাৰ সুচনা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল আৰু সেই প্ৰচেষ্টা আজিও আৱাহনে ধৰি ৰাখিব পাৰিছে৷ ভ্ৰাম্যমাণৰ প্ৰথম দিনটোৰ কথা মনত পেলাই তেওঁ আবেগবিহ্বল সুৰত কয় যে নিজ চহৰ পাঠশালাৰ দুগৰাকী লেখকে তেওঁৰ জীৱন সামৰি প্ৰণয়ণ কৰা এই উপন্যাসখনে তেওঁৰ জীৱন পৰিক্ৰমাৰ লগতে ভ্ৰাম্যমাণৰ সামগ্ৰিক ইতিহাস সামৰি লৈছে, যি সঁচাকৈয়ে এক বিৰল প্ৰচেষ্টা৷

গ্ৰন্থখন উন্মোচন কৰি সাহিত্য অকাডেমিৰ অনুবাদ সাহিত্যৰ বঁটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মাই কয় যে এনে এখন উপন্যাসৰ জৰিয়তে কৃষ্ণ ৰয়ৰ বৰ্ণাঢ্য জীৱনৰ লগতে লেখকদ্বয়ে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বৰ্ণিল পৰিক্ৰমা সামৰি লৈছে৷ অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত পাটোৱাৰীয়ে কৃষ্ণ ৰয়ৰ লগত থকা দীৰ্ঘকালীন সম্পৰ্কৰ কথা ৰোমন্থন কৰি এই উপন্যাসখন অসমীয়া সাহিত্যৰ প্ৰতি এক অনবদ্য অৱদান বুলি অভিহিত কৰে৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য  অধ্যাপক ধনপতি ডেকাই  কৃষ্ণ ৰয়ৰ বৰ্ণাঢ্য জীৱনৰ ওপৰত আলোকপাত কৰি লিখা এই উপন্যাসখনে আমাৰ উঠি অহা প্ৰজন্মক নতুন দিশৰ সন্ধান দিব পাৰিব বুলি মত প্ৰকাশ কৰে।আৱাহন থিয়েটাৰৰ বৰ্তমানৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰে কৃষ্ণ ৰয়ৰ প্ৰত্যাহবানপূৰ্ণ জীৱন পৰিক্ৰমাই তেওঁক কেনেদৰে অনুপ্ৰাণিত কৰিছে আৰু ৰয়ৰ উদগণিত কেনেদৰে থিয়েটাৰখনে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজত চলাই আছে তাক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ব্যক্ত কৰে৷

প্ৰয়াত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া কেনেদৰে আৱাহন থিয়েটাৰৰ লগত জড়িত হ’ল সেই কথা সোঁৱৰি প্ৰীতি শইকীয়াই কৃষ্ণ ৰয়ৰ জীৱন প্ৰৰিক্ৰমাই হাজাৰজন অসমীয়াক অনুপ্ৰাণিত কৰিব বুলিও অভিহিত কৰে৷ এই গ্ৰন্থ উন্মোচনী সভাত ৰবেন্দ্ৰ কুমাৰ দাস, অভিজিৎ ভট্টাচাৰ্য,ডা:জয়ন্ত দাস,ড৹ মনোজ কুমাৰ মহন্ত, ড৹ যোগেশ কাকতি,ড৹ মনোৰঞ্জন দাস,ড৹ বিজয় শৰ্মা,প্ৰফুল্ল বৰ্মণ,,অৰূপজ্যোতি দাস,হুমায়ুন চৌধুৰী,গোপাল জালান,সত্যেন তালুকদাৰ, কনক চন্দ্ৰ গগৈ,জয়ন্ত গগৈ,ড৹ সন্দীপণ তালুকদাৰ ,নিখিল বৰ্মন,পংকজ শৰ্মা,মৃদুল তালুকদাৰকে আদি কৰি ভলেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd