বিশ্বনাথত ‘সিংঘম’! অপৰাধী আৰু আইন ভংগকাৰীৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে এজন আৰক্ষী বিষয়া

police officer Biswanath.png final

বিশ্বনাথত 'সিংঘম'ৰূপী আৰক্ষী বিষয়া সঞ্জিত ৰায়। ফটো: নৰ্থইষ্ট নাও।

এগৰাকী আৰক্ষী বিষয়াৰ জীৱনক লৈ নিৰ্মাণ কৰা বলিউডৰ জনপ্ৰিয় চলচ্চিত্ৰ ‘সিংঘম’ নিশ্চয় আপোনালোকে চাইছে। ছবিখনত অপৰাধীৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছিল সিংঘম ৰূপী আৰক্ষী বিষয়াজন।

সেই সিংঘমৰ ৰূপত এইবাৰ যেন বিশ্বনাথলৈ আহিছে এজন আৰক্ষী বিষয়া। যিজন আৰক্ষী বিষয়া এতিয়া অপৰাধী অথবা আইন ভংগকাৰীৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে।

এই গৰাকী আৰক্ষী বিষয়া হৈছে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰায়।

এইগৰাকী  সঞ্জিত কুমাৰ ৰায়ে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী হিচাপে যোগদান কৰাএমাহ সম্পূৰ্ণ নৌহওতেই বিশ্বনাথ চাৰিআলিৰ আইন শৃংখলাত এক বৃহৎ পৰিৱৰ্তন দেখা পোৱা গৈছে।

বিশ্বনাথ চাৰিআলিত দীৰ্ঘদিনৰ পৰা চলি অহা অবৈধ মদৰ ব্যৱসায়, গাঞ্জা ব্যৱসায়, ড্ৰাগচ ব্যৱসায় আৰু অবৈধ চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে বহু অপৰাধীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে এইগৰাকী আৰক্ষী বিষয়াই।

কেৱল ইমানেই নহয়, যি বিশ্বনাথত পূৰ্বে বহু লোকে যান বাহন আইন মনা নাছিল, হেলমেট পৰিধান কৰা নাছিল, এতিয়া হেলমেট পৰিধান নকৰাকৈ নগৰত প্ৰৱেশ নকৰা হৈছে।

কিয়নো আৰক্ষী বিষয়াগৰাকীয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰা এমাহ সম্পূৰ্ণ নৌহওতেই যান বাহন ভংগকাৰীৰ পৰা জৰিমণা বিহাই বিশ্বনাথৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

এমাহতকৈও কম সময়ত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাই তিনিলাখ বিশ হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰি বিশ্বনাথত এক নতুন অভিলেখ ৰচিছে।

আনকি হেলমেট পৰিধান নকৰা আৰক্ষীকো এই গৰাকী আৰক্ষী বিষয়াই জৰিমণা বিহি দৃষ্টান্ত দাঙি ধৰিছে।

আৰক্ষী বিষয়া গৰাকীৰ মতে হেলমেট পৰিধান নকৰিলে দুৰ্ঘটনা সংঘটিত হ’লে মৃত্যু হোৱাৰ সম্ভাৱনা বেছি থাকে। সেয়েহে জিলাবাসীক হেলমেট পৰিধান কৰিহে দুচকীয়া বাহন চলাবলৈ আহ্বান জনাইছে।

আনহাতে, ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ’লে বিশ্বনাথৰ আন আন অপৰাধমূলক ক্ষেত্ৰতো আৰক্ষী বিষয়া গৰাকীয়ে মনোনিৱেশ কৰিব বুলি জানিবলৈ দিয়াৰ লগতে বিশ্বনাথত অপৰাধ নিৰ্মূল কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ পৰা সহায়-সহযোগিতা কামনা কৰে।