NORTHEAST NOW (Assamese)

পুনৰ মেৰামতি! আজিৰে পৰা বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

June 4, 2021 12:07 pm · মৃদুল প্ৰীতম ডেকা
শৰাইঘাটৰ পুৰণি দলং। ফটো: নৰ্থইষ্ট নাও।

আজিৰে পৰা বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। মেৰামতিৰ বাবে অহা তিনিমাহলৈ বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলংখন।

মেৰামতিৰ বাবে এই সিন্ধান্ত গ্ৰহণ কৰিছে ৰে’লৱে কৰ্তৃপক্ষই। আনহাতে, নতুন দলঙেৰে যাতায়ত অব্যাহত থাকিব।

দুবছৰ পূৰ্বেও ৯ কোটি টকাৰে শৰাইঘাটৰ পুৰণি দলংখন মেৰামতি কৰা হৈছিল।

উল্লেখ্য যে ৫৫ বছৰ ধৰি অবিৰাম সেৱা দি অহা ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট দলংখন ২০১৯ৰ মাৰ্চৰ পৰা উত্তৰ-পূব ৰেইলৱেই ৯০ দিন ধৰি বন্ধ ৰাখি দলংখন মেৰামতি কৰিছিল।

সেইসময়ত ওপৰৰ প্ৰায় ভগ্ন অৱস্থাত থকা ৮০খন প্লেট বা শ্লেব চিনাক্ত কৰা হৈছিল আৰু এই আটাইকেইখন সলনি কৰা হৈছিল।

তদুপৰি, শৰাইঘাট দলংখনৰ ওপৰৰ কংক্ৰিটৰ গাঁথনিটোত কিছুমান ফাট ওলোৱাৰ পাছত সংবাদ মাধ্যমে বাতৰি পৰিৱেশন  কৰিছিল যদিও দলংখনৰ প্ৰতি প্ৰকৃততে কোনো ভাবুকি অহা নাই বুলিহে জানিব দিছিল ৰে’লৱে কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে  ১৯৬৩ চনতে মুকলি কৰা দুইখলপীয়া দলংখনৰ ওপৰ খলপেৰে দৈনিক হাজাৰ-হাজাৰ যান-বাহন পাৰ হয়।

অৱশ্যে বৰ্তমান কোভিড পৰিস্থিতিত চলি থকা আংশিক লকডাউন তথা আন্ত:জিলা পৰিবহন বন্ধৰ ফলত দলংখনৰ ওপৰেৰে যান-বাহনৰ চলাচল যথেষ্ট হ্ৰাস পাইছে।

Related News