বেশৰগাঁওস্থিত ৪৩খন বিচনাযুক্ত কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠান উদ্বোধনকলৈ উৎফুল্লিত বড়োলেণ্ডবাসী

অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত ২০১৯ চনৰ ২৮ এপ্ৰিল তাৰিখে হোৱা চুক্তি অনুসৰি বিটিআৰৰ মুখ্য চহৰ কোকৰাঝাৰস্থিত বেশৰগাওঁত স্থাপন কৰা ৪৩ বিচনাযুক্ত কৰ্কট ৰোগ স্বাস্থ্য কেন্দ্ৰ প্ৰতিষ্ঠানটো আজি শুভ উদ্বোধন কৰা হয়।

ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেল পদ্ধতিৰে এই প্ৰতিষ্ঠানটো উদ্বেধন কৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আজিৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিটিআৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙৰ উপৰিও বিটিআৰৰ কাৰ্যবাহী সদস্য সকল।

লগতে পঢ়ক: সকলো ইন্ধন কৰৰ ৬৮ শতাংশ নিয়ে কেন্দ্ৰই, তথাপি দায় সাৰিব খোজে প্ৰধানমন্ত্ৰীয়ে: ৰাহুল গান্ধী

এই স্বাস্থ্য কেন্দ্ৰ প্ৰতিষ্ঠানটো উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে অত্যাধুনিক ব্যৱস্থা থকা কৰ্কট ৰোগ স্বাস্থ্য প্ৰতিষ্ঠানটোৰ মুকলিৰ আজিৰ দিনটো বড়োলেণ্ডবাসীৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিত কৰি আৰু নতুনকৈ সাতখনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে তিনিখনকৈ কেঞ্চাৰ হাস্পতালত নিৰ্মাণ হৈ থকা বুলি জানিবলৈ দিয়ে।

তেওঁ লগতে পূৰ্বতে কেঞ্চাৰ ৰোগীসকলে ৰাজ্যৰ বাহিৰত চেন্নাই, মুম্বাইত গৈ চিকিৎসাৰ কাৰণে যাবলগীয়াত অসুবিধাৰ সম্মুখীন হৈছিল বুলি কয়।এতিয়া ৰাজ্যখনতে থাকি কেঞ্চাৰ ৰোগী সকলৰ চিকিৎসাত সুবিধা হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ সভাকলৈ এফালে সকলো ব্যস্ত, আনফালে মোদী মুৰ্দাবাদ ধ্বনিত কঁপিল বৰপেটা

এইক্ষেত্ৰত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এই সুবিধা কৰি দিয়াৰ বাবে বড়োলেণ্ডবাসীয়ে ধন্যবাদ জনায়।