গোৱালপাৰাত হাতী-মানুহৰ সংঘাতত জৰ্জৰিত বহু গাঁও; নিশা গভীৰলৈ পৰ দি কটাইছে উজাগৰী নিশা

Screenshot_2021-10-24-22-49-20-21

Man-Elephant conflict হাতী-মানুহৰ সংঘাতত জৰ্জৰিত হৈ পৰিছে দুধনৈকে ধৰি দুধনৈৰ নিকটৱৰ্তী একাধিক গাওঁ। মেঘালয় পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা জাক জাক বন্যহস্তীয়ে নিতৌ চলায় তাণ্ডব।

দিন ৰাতি একো নাই বন্যহস্তীৰ সন্ত্ৰাসত উজাগৰী নিশা কটাব লগা হয় গাওঁবাসীয়ে। দুধনৈ সমষ্টিৰ অন্তৰ্গত ৰংজুলি আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত দৰংগিৰি চেঁচাপানী, শান্তিপাৰা, কন্যাকুচি ইত্যাদি গাওঁতো একেই অৱস্থা।

বিগত ডেৰ দুমাহ ধৰি এই অঞ্চলটোত বাহৰ পাতি থকা প্ৰায় সত্তৰ-আশীটা হাতীয়ে ভাগ ভাগ হৈ চেঁচাপানী গাওঁকে ধৰি আন কেবাখনো গাওঁত চলাই গৈছে তাণ্ডব৷ দিনটো বনাঞ্চলত থাকি হাতীৰ জাক বিয়লিৰ ভাগত বাহিৰলৈ ওলাই আহে আৰু সন্ত্ৰাস চলায়৷

বন্যহস্তীৰ তাণ্ডবত ধ্বংস হৈছে কপালৰ ঘাম মাটিত পেলাই বিঘাই বিঘাই হাল কোৰ বাই কৰা ধানৰ খেতি, তহিলং কৰিছে পকিবলৈ ধৰা ধান, তামোল পানৰ বাগান, কলৰ খেতি, ক্ষুদ্ৰ চাহ বাগান আৰু খাটিখোৱা ৰাইজৰ ঘৰ দুৱাৰ৷

হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দুপৰ নিশালৈ পৰ দিব লগা হয়। ইতিমধ্যে হাতীৰ আক্ৰমণত সঘনাই মৃত্যুমুখত পৰিব হব লগা হৈছে মানুহ।

স্থানীয় ৰাইজৰ অভিযোগ যে একাংশ এনজিঅ’ নতুবা লোকে বনাঞ্চলৰ ভূমি  চাহপাতৰ খেতি, ৰাবাৰৰ খেতি কৰিবৰ বাবে বনাঞ্চল ধ্বংস কৰি বনৰীয়া হাতীৰ বিচৰণৰস্থলী নোহোৱা কৰাৰ ফলতেই বনৰীয়া হাতীৰ সৈতে মানুহৰ সংঘাত বৃদ্ধি পাই গৈছে।

আনহাতে,  ইমান বিপৰ্যয়ৰ পিচতো কিন্তু বন বিভাগৰ নাই কোনো তৎপৰতা৷ যেন চৰকাৰী দৰমহা লৈ খাই বৈ শুই বহি থকা এটা নিস্কৰ্মা বিভাগহে।