NORTHEAST NOW (Assamese)

কাইলৈ গণেশ চতুৰ্থী; কোভিড বিধি অনুসৰণ কৰিয়েই পূজা-অৰ্চনাৰ বাবে সাজু ৰাজ্যবাসী!

September 9, 2021 6:21 pm · এন ই নাও নিউজ
Updated: September 10, 2021 12:30 pm

কাইলৈ অৰ্থাৎ ১০ ছেপ্টেম্বৰত সমগ্ৰ দেশৰ লগতে অসমতো গণেশ চতুৰ্থী উদযাপন কৰা হ’ব।  শাস্ত্ৰ অনুসৰি, ভাদ্ৰ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত বিঘ্ননাশক গনেশৰ জন্ম হোৱা বুলি ধৰা হয়।

কাইলৈ দুপৰীয়া ১২ বাজি ১৮ মিনিটত চতুৰ্থী তিথি আৰম্ভ হ’ব আৰু নিশা ৯ বাজি ৫৭ মিনিটত সমাপ্তি ঘটিব।

সিদ্ধিদাতা হিচাপেও পূজিত গণেশক গণেশ চতুৰ্থীৰ দিনটোত ভক্তসকলে ব্যাপকভাৱে পূজা-অৰ্চনা কৰা দেখা যায়। তদুপৰি, গণেশ চতুৰ্থীত গণেশক পূজা কৰিয়েই শৰৎকালত আৰম্ভ হোৱা পূজা উৎসৱৰ আৰম্ভণি হয়।

কাইলৈ মহানগৰীৰ গণেশ মন্দিৰসমূহতো ভক্তসকলে গণেশক পূজিবলৈ সাজু হৈছে। কিন্তু যোৱাবাৰৰ দৰে এইবাৰো কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোভিড বিধি অনুসৰণ কৰি পূজা-অৰ্চনা অনুষ্ঠিত হ’ব।

সেয়ে, কাইলৈ গণেশ চতুৰ্থীৰ দিনা সকলোৱে কোভিড বিধি মানি মাস্ক পৰিধান কৰি গণেশৰ পূজাত অংশগ্ৰহণ কৰিব।

Related News