ভাৰতীয় বায়ুসেনাৰ অসাধ্য সাধন : লাইট অবিহনে বিমান অৱতৰণ কৰি ৰক্ষা কৰিলে ১২১ যাত্ৰীৰ ‎প্ৰাণ

যোৱা ২৭ এপ্ৰিলৰ মাজনিশা চুডানৰ পৰা ১২১জন ভাৰতীয় নাগৰিকক লৈ  উৰা মাৰিছিল ভাৰতীয় বায়ুসেনাৰ বিমানে। কিন্তু যি বিমানবন্দৰৰ পৰা তেওঁলোকে উৰা মাৰিছিল, তাত লাইটিং বা আন কোনো পোহৰৰ পৰ্যাপ্ত সুবিধা নাছিল।

ভাৰতীয় বায়ুসেনাই এক দুঃসাধ্য সাধন কৰিছে। এইবাৰ ভাৰতীয় বায়ুসেনাৰ পাইলটে লাইট নোহোৱাকৈ বিমান অৱতৰণ আৰু উৰণৰ দ্বাৰা ৰক্ষা কৰিলে ১২১ জন যাত্ৰীৰ প্ৰাণ।

চুডানত চলি থকা ৰাজনৈতিক-সামৰিক সংঘৰ্ষৰ মাজৰ পৰা প্ৰবাসী ভাৰতীয় নাগৰিক সকলক ঘূৰাই অনাৰ বাবে  কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে অপাৰেশ্যন কাবেৰীঅপাৰেশ্যন কাবেৰীৰ জৰিয়তে অৰ্হনিশে ভাৰতীয় বায়ুসেনা আৰু নৌসেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

এফালে চুডানৰ সাগৰীয় বন্দৰৰ পৰা জলপথেৰে ভাৰতীয় নৌ সেনাই ভাৰতীয় সকল ঘূৰাই আনিছে। ইফালে বায়ুসেনাই উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰিছে চি১৩০ জে নামৰ বিশেষ বিমান।

যোৱা ২৭ এপ্ৰিলৰ মাজনিশা চুডানৰ পৰা ১২১জন ভাৰতীয় নাগৰিকক লৈ  উৰা মাৰিছিল ভাৰতীয় বায়ুসেনাৰ বিমানে কিন্তু যি বিমানবন্দৰৰ পৰা তেওঁলোকে উৰা মাৰিছিল, তাত লাইটিং বা আন কোনো পোহৰৰ পৰ্যাপ্ত সুবিধা নাছিল। কেৱল সেয়াই নহয়, বিমানৰ ৰাণৱেত আছিল বহু গাঁত আৰু খাৱৈইয়াৰ মাজতে ভাৰতীয় বায়ুসেনাৰ পাইলটে কেৱল নাইট ভিজন গগলছ পিন্ধি বিমানখন অৱতৰণ কৰিবলৈ সক্ষম হয়।

চুডানৰ ৰাজধানী খাৰ্টুমৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰত অৱস্থিত ৱাডি ছায়িদনাৰ পৰা ১২১ জন ভাৰতীয়ক কঢ়িয়াই অনা বায়ুসেনাৰ চি১৩০জে বিমানখনে উৰা মাৰিছিল। এই বিমানপথত কোনো ধৰণৰ পোহৰৰ ব্যৱস্থা নাছিল। আনকি বিমানত ইন্ধন ভৰোৱাৰ ব্যৱস্থাও নাছিল। ইপিনে ৰাণৱেটোও সম্পূৰ্ণ মসৃণ নাছিল। কিন্তু বায়ুসেনাৰ পাইলটসকলে অতি দক্ষতাৰ পৰিচয় দি নৈশ দৃষ্টিশক্তি চশমাৰ সহায়ত বিমানখন নিৰাপদে উৰুৱাইছিল

ইয়াৰ পূৰ্বে সেই বিমানপথত অৱতৰণ কৰাৰ সময়তো বিমানখনে সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল। পোহৰৰ অভাৱত বিমানখনৰ অৱতৰণ অতি বিপদজনক আছিল। এই সন্দৰ্ভত বায়ুসেনাই জনোৱা মতে, বিমানখন এয়াৰষ্ট্ৰিপৰ ওচৰলৈ অহাৰ লগে লগে পাইলটসকলে ইনফ্ৰাৰেড চেন্সৰ ব্যৱহাৰ কৰে। তাৰ পৰাই তেওঁলোকে বুজিব পাৰে যে ৰাণৱেত কিবা বাধা আছে নেকি। বায়ুসেনাৰ তথ্য অনুসৰি উৰণতকৈ বিমানখনৰ অৱতৰণ স্বাভাৱিকতে অধিক বিপজ্জনক আৰু কঠিন আছিল।

ইয়াৰ পিছতে ১২১ জন লোক লৈ বিমানখনে ছৌদি আৰৱৰ জেদ্দালৈ ৰাওনা হয়। এই সমগ্ৰ অপাৰেশ্যনত ডেৰদুই ঘণ্টা সময় লাগে। উদ্ধাৰ কৰা ভাৰতীয়সকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছিল বুলি বায়ুসেনাই জানিবলৈ দিয়ে।