টিংৰাইৰ গ্ৰাম্য সংগঠন গোটৰ মহিলাসকলৰ মাজত হাহাকাৰ : পাঁচ লক্ষ্যধিক ধনৰ আত্মসাৎ কৰি পলাল সভানেত্ৰী

ডিগবৈ টিংৰাইৰ গ্ৰাম্য সংগঠনৰ অন্তগত গোটৰ  ক্ৰমে সূয্যমূখী গোট, শেৱালী গোট , সেউজী গোট আৰু মিছ মেৰী গোটৰ মুঠ চাৰিটাকৈ গোটৰ  প্ৰায় পাঁচ লক্ষ্যধিক টকাৰ খণ্ড প্ৰকল্প প্ৰবন্ধকৰ হাতত (Cluster Level Federation)  সময়মতে জমা নকৰাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাম্য সংগঠন অন্তগত  চাৰিটাকৈ গোটৰ সদস্যাই।

খণ্ড প্ৰকল্প প্ৰবন্ধক ৰিম্পী মৰাণৰ এটা মেছেজে গোটৰ সদস্যা সকলৰ মাজত হঠাতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

মেছেজত উল্লেখ কৰা মতে টিংৰাই পঞ্চায়তৰ পূৰ্ণিমা গ্ৰাম্য সংগঠনৰ অন্তৰ্গত সকলো আত্মসহায়ক গোটৰ সদস্যাক CLF ৰ টকা সময়মতে পৰিশোধ নকৰাত গ্ৰাম্য সংগঠনৰ অন্তৰ্গত আটাইকেইটা আত্মসহায়ক গোটৰ সকলো সদস্যাই মুখ্যমন্ত্ৰী মহিলা উদ্যোগীকৰণ অভিযান (Mukhyamantri Mahila Udyamita Abhiyaan) অনুদানৰ পৰা বঞ্চিত হব।

অভিযোগ অনুসৰি ঘটনা সন্দৰ্ভত টিংৰাই গ্ৰাম্য সংগঠনৰ সভানেত্ৰী জোনমণি বড়াক আজি টিংৰাই বন গাঁও প্ৰাথমিক বিদ্যালয়ত অনুস্থিত হোৱা সভাত নিমন্ত্ৰণ জনাইছিল যদিও সভানেত্ৰী গৰাকীয়ে ফোনযোগে মহিলা সকলক ভাবুকিহে প্ৰদান কৰে।

সভানেত্ৰী জোনমণি বড়াই গোটৰ সমূহ ধন যদিহে অতি শীঘ্ৰে পৰিশোধ নকৰে তেনেহলে আইনৰ কাষ চপাৰ কথা ও সভাতে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিছে।