সামাজিক মাধ্যমত অনলাইন জুৱাৰ প্ৰচাৰ; অসমৰ ৯ গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ

অনলাইন জুৱাৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ এজন অধিবক্তা৷সামাজিক মাধ্যমত অনলাইন জুৱাৰ প্ৰচাৰ চলোৱাৰ অভিযোগত কামৰূপ জিলাৰ অধীনস্থ সোণতলী আৰক্ষী চকীত কালি অসমৰ ৯গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে অধিবক্তাজনে এজাহাৰ দাখিল কৰে৷শেহতীয়াকৈ অসমত বহু ইউটিউবাৰে অনলাইন জুৱাৰ প্ৰমোচনক টকা ঘটাৰ সহজ উপায় ৰূপে গ্ৰহণ কৰিছে৷এনে সামাজিক স্খলনৰ পৰিচায়ক৷

গত কিছুদিন ধৰি INDILUCK নামৰ অনলাইন গেমিং এপৰ সামাজিক মাধ্যম প্ৰচাৰ কৰি নৱপ্ৰজন্মৰ বহু লোকক জুৱাৰ প্ৰতি প্ৰলোভন দি আহিছে৷এনে কাম কৰা ইউটিউবাৰ ক্ৰমে- ইনজামামুল হক,পাশান আলী,ৰহিবুল,আৰিফুজ জামান,ইলিমা বেগম,টুটু খান,ছানিদুল ইছলাম,নাজিমূল হক,হাছানুল হকৰ বিৰুদ্ধে গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নুৰ আলম খানে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷এজাহাৰৰ প্ৰতিলিপি আৰক্ষী সঞ্চালকপ্ৰধান,অসমৰ প্ৰতিখন জিলাৰ আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক প্ৰেৰণ কৰিছে৷