NORTHEAST NOW (Assamese)

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm · এন ই নাও নিউজ, গুৱাহাটী

জনজাতীয় – আদিবাসী মানুহৰ ভূমি ৰক্ষা আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্রণৱ দলে, অমিত নাগ, বিজিত কুটুম, ভাস্কৰ শইকীয়া আৰু ৰাজীৱ পেগুৰ মুক্তিৰ দাবীত আজিও অসমৰ বিভিন্ন প্রান্তত আন্দোলন অব্যাহত আছে। থলুৱা মানুহক উচ্ছেদ কৰি নিৰ্মাণ কৰিব খোজা পঞ্চতাৰকাযুক্ত হোটেল আৰু চেটেলাইট টাউনশ্বীপৰ বিৰুদ্ধে মাত মাতি গ্ৰেপ্তাৰ হোৱা নেতাকেইজনৰ মুক্তিৰ দাবীত আজি দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী উকিয়ামত কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চ,গাৰো মহিলা পৰিষদ,অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ জনায় । প্ৰতিকূল বতৰক নেওচিও প্ৰতিবাদকাৰীসকলে উকিয়ামৰ ৰাজহুৱা সভাকক্ষৰ চৌহদত এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে  আদিত চন্দ্র ৰাভাক বিনাচৰ্তে মুকলি কৰি দিয়ক,মানুহৰ বাবে মাত মাতি অহা প্ৰণৱ দলেক মুক্তি দিয়ক,আদিত চন্দ্র ৰাভাক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা নচলিব,আদিত চন্দ্র ৰাভা জিন্দাবাদ,প্ৰণৱ দলে জিন্দবাদ আদি ধ্বনি দিয়ে। এই প্ৰতিবাদত অসম মেঘালয় কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ সভাপতি চবিন ৰাভা, গাৰো মহিলা পৰিষদৰ কামৰূপ জিলাৰ সভানেত্ৰী লেভষ্টি চাংমা, উকিয়ামৰ জালুকবাৰীৰ গাঁও প্ৰধান কুমুদ ৰাভকে আদি কৰি অঞ্চলটোৰ কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তিয়ে অংশগ্রহণ কৰে।

জাগীৰোডৰ সিন্ধিচৰত সদৌ তিৱা ছাত্র সন্থাই আজি প্রতিবাদ সাব্যস্ত কৰে। সদৌ তিৱা ছাত্র সন্থাৰ নেতা সঞ্জীব পাটৰৰ নেতৃত্বত শতাধিক ৰাইজে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ গ্ৰেপ্তাৰ কৰাসকলৰ মুক্তিৰ দাবীত ওলাই আহে। প্রতিবাদকাৰীসকলে কয় যে, অতিশীঘ্রে আদিত চন্দ্র ৰাভা, প্রণৱ দলেসহ সংগ্রামী সতীৰ্থকেইগৰাকীক মুক্তি নিদিলে চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে তীব্র প্রতিবাদ সাব্যস্ত কৰা হব।

আনহাতে প্রণৱ দলেৰ গৃহভূমি বোকাখাটত   অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট আজিও চলি আছে। বোকাখাটত চলি থকা অৱস্থান ধৰ্মঘটত আজি কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই অংশগ্রহণ কৰে। প্রতিবাদত অংশগ্রহণ কৰি শইকীয়াই হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক অতুল বৰাক তীব্র ভাষাৰে সমালোচনা কৰে আৰু অতি শীঘ্রে গ্রেপ্তাৰ কৰাসকলৰ মুক্তিৰ দাবী জনায়।

Related News