প্ৰশান্ত ভূষণৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ প্ৰত্যাহাৰ হ’ল; কিন্তু ৰৈ যোৱা প্ৰশ্নবোৰ?

উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ বিৰুদ্ধে ১৩ বছৰ পুৰণি আদালত অৱমাননাৰ গোচৰটো (contempt of Court case) প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। নতুন মুখ্য ন্যায়াধীশগৰাকীয়ে এইদৰে এটা পুৰণি সমস্যাৰ ওৰ পেলালে। আপাতত: এই সিদ্ধান্তই প্ৰশান্ত ভূষণক সকাহ দিলে। আইনী দৃষ্টিৰে শীৰ্ষ আদালতে জ্যেষ্ঠ অধিবক্তাগৰাকীক ক্ষমাদান কৰিলে। যিহেতু আদালত অৱমাননাৰ গোচৰত আদালতৰ দয়াৰ ওপৰতে ‘অভিযুক্ত’ৰ ভৱিষ্যত নিৰ্ভৰ কৰে।

প্ৰশান্ত ভূষণৰ সৈতে টেহেলকাৰ তদানীত্বন সম্পাদক তৰুণ তেজপালৰ বিৰুদ্ধেও আদালত অৱমাননাৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে তেজপালে ইতিমধ্যে নি:চৰ্ত ক্ষমা খুজি তেওঁ আদালতৰ ৰোষৰ পৰা হাত সৰাৰ পথ মুকলি কৰিছিল।

উল্লেখ্য যে ২০০৯চনত টেহেলকা আলোচনীত প্ৰকাশ পোৱা প্ৰশান্ত ভূষণৰ এক সাক্ষাৎকাৰক লৈয়েই এই আদালত অৱমাননাৰ গোচৰটো তৰা হৈছিল। প্রশান্ত ভূষণে কেইবাটাও বিস্ফোৰক প্রশ্ন উত্থাপন কৰিছিল। প্ৰশ্নবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল ইয়াত মুখ্য ন্যায়াধীশৰ দুৰ্নীতিৰ প্ৰংসগ।

প্ৰশান্ত ভূষণে আদালতত দিয়া শপতনামাত বহু বিস্ফোৰক অভিযোগ আনিছিল। সেইবোৰে ন্যায় ব্যৱস্থাত সৃষ্টি কৰিব পৰা জোকাৰণিৰ প্ৰতি লক্ষ্য ৰাখিয়েই হয়তো আদালত অৱমানাৰ গোচৰটো প্ৰত্যাহাৰ কৰা হ’ল। বহুতৰে মনত এনে ধাৰণাই সৃষ্টি হৈছে।

দৰাচলতে বিগত কিছু বছৰ ধৰি ভাৰতৰ ন্যায় ব্যৱস্থাৰ প্ৰতি সৰ্বসাধাৰণৰ বিৰাগ বৃদ্ধি পাইছে। ইয়াৰ আঁৰৰ কাৰণ বহুতো আছে। ন্যায় পোৱাত বিলম্ব, ব্যয়বহুল প্ৰক্ৰিয়া, ৰাজনৈতিক হেঁচাত ন্যায় প্ৰদান আদি বিষয়বোৰে সৰ্বসাধাৰণৰ মনত সংশয় বৃদ্ধি কৰিছে। ন্যায় ব্যৱস্থাত ন্যায়াধীশসকলৰ ভাবমূৰ্তি ম্লান হ’লে জনসাধাৰণ হতাশ হোৱাৰে কথা। কিয়নো চৰকাৰী ব্যৱস্থাত অন্যায়ৰ বলি হোৱাসকলৰ শেষ ভৰসা এই ন্যায়ালয়।

পূৰ্বৰে পৰা আমি লক্ষ্য কৰি অহা বিষয়টো হৈছে ন্যায়ালয়সমূহত জ্যেষ্ঠ অধিবক্তাৰ পৰা আৰম্ভ কৰি ন্যায়াধীশ আৰু কেতিয়াবা মুখ্য ন্যায়াধীশৰো হলিগলিয়ে বিচাৰ ব্যৱস্থাত পেলোৱা প্ৰভাৱ। বহুসময়ত কিছুমান গোচৰৰ সম্ভাৱ্য ৰায়কলৈ সচেতন মহলে পূৰ্বেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সক্ষম হয়। আইনৰ বিচাৰ বা Rule of Law হৈছে ন্যায় ব্যৱস্থাৰ প্ৰকৃত আধাৰ। কিন্তু ন্যায় বিচাৰকসকলৰ পক্ষপাতিত্বমূলক আচৰণে সামাজিক ন্যায় লাভৰ আশা নিৰ্বাপিত কৰে।

বিগত দিনবোৰত এটা কথা লক্ষ্য কৰা গৈছে যে ন্যায় বিচাৰকসকলে অৱসৰকালীন সংস্থাপনৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰাৰ ফলত ন্যায় প্ৰদানৰ ক্ষেত্ৰতো পক্ষপাতিত্বমূলক আচৰণ স্পষ্ট হৈছে। ন্যায়ালয়ৰ বিৰুদ্ধে ৰাজহুৱা মন্তব্য কৰি আদালতৰ ৰোষত পৰাৰ ভয়ত সকলোৱে মৌন হৈ থাকে যদিও বিচাৰ ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ অনাস্থাই সমাজত যি নেতিবাচক প্ৰভাৱ পেলাইছে সেয়া সঁচাকৈয়ে চিন্তনীয়।