NORTHEAST NOW (Assamese)

চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ পুনৰ নিযুক্তিৰ কথাই শিক্ষিত যুৱ প্ৰজন্মক চুড়ান্ত অপমান কৰিছে

July 24, 2025 4:59 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা জাননী অনুসৰি  শিক্ষা বিভাগৰ অন্তৰ্গত চৰকাৰী আদৰ্শ মহাবিদ্যালয় সমূহৰ কিছুসংখ্যক পদত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ নিযুক্তিৰ জাননী প্ৰকাশ পাইছে । এই সিদ্ধান্তই যুৱ প্ৰজন্মক অতিকৈ হতাশজনক কৰিছে বুলি মত প্ৰকাশ কৰে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক সাধাৰণ সম্পাদক অপূৰ্ব বিকাশ দলে।

লগতে তেওঁ কয় যে এই সিদ্ধান্ত শিক্ষিত যুৱ প্ৰজন্ম বিৰুদ্ধে কৰা ষড়যন্ত্ৰ।যি সময়ত অসমত নিবনুৱা সমস্যাই শিক্ষিত যুৱ প্ৰজন্মক কুঙা কৰি পেলাইছে। সেই সময়তে এনেধৰণৰ সিদ্ধান্তই যুৱ প্ৰজন্মক বাৰুকৈয়ে হতাশ কৰিছে। লগতে ছাত্ৰ নেতা জনে আঙুলিয়াই দিয়ে যে এই সিদ্ধান্ত সম্পূৰ্ণ ৰূপে ইউজিচিৰ শিক্ষক নিযুক্তি নিয়মক ভংগ কৰিছে।

উল্লেখ্য যে গৱেষক ছাত্ৰ সমাজৰ নেট,শ্লেট, গৱেষণা পত্ৰ বা পিএইচডি ডিগ্ৰী থকাৰ পিছতো তেওঁলোকক বঞ্চিত কৰি অৱসৰ প্ৰাপ্ত অধ্যাপক নিযুক্তি বিষয়টো দূৰ্ভাগ্যজনক। এই সিদ্ধান্তক ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে লগতে বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত খালী হৈ থকা পদ সমূহত  উপযুক্ত নতুন প্ৰাৰ্থীক নিযুক্তি দিবলৈ ছাত্ৰ নেতা জনে দাবী উত্থাপন কৰে। অসম চৰকাৰৰ এই সিদ্ধান্তক বাতিল কৰিবলৈ আহ্বান জনায় ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে।

Related News