NORTHEAST NOW (Assamese)

অসম-মেঘালয় সীমা সমস্যা: আঞ্চলিক সমিতিৰ প্ৰতিবেদন আদান-প্ৰদান

January 3, 2022 6:09 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ মাজত চলি থকা সীমা সমস্যা সমাধান আলোচনাৰ অংশ হিচাপে আজি অসম আৰু মেঘালয়ৰ আঞ্চলিক সমিতিয়ে প্ৰতিবেদন আদান-প্ৰদান কৰে।

আজি অনুষ্ঠিত হোৱা এখন বৈঠকত মন্ত্ৰী পিযুষ হাজৰিকা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনচং আৰু দুয়োখন ৰাজ্যৰ বিষয়াসকলে দীৰ্ঘদিনীয়া সীমান্ত সমস্যাৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয়।

 

বৈঠকত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে দীৰ্ঘদিনীয়া সীমান্ত সমস্যাৰ অতি সোনকালে সমাধান কৰাৰ ওপৰত মত পোষণ কৰে।

উল্লেখ্য যে যোৱা বৰ্ষৰ ১৬ নৱেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত অনুষ্ঠিত বৈঠকত সীমা সমস্যা সমাধানৰ বাবে অসম আৰু মেঘালয়ৰ পৰা তিনিখনকৈ সমিতি গঠন কৰা হৈছিল।

এই সমিতিয়ে ৩০ ডিচেম্বৰত চুড়ান্ত প্ৰতিবেদন দাখিল কৰিব বুলি বৈঠকৰ অন্তত ঘোষণা কৰা হৈছিল।

Related News