বন্ধ হ’ব নেকি বন্ধন বেংক? আৰু শাখা নুখুলিবলৈ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ

বন্ধ হ’ব পাৰে নেকি অসমত শতাধিক শাখা থকা আৰু নিম্ন আয়ৰ নাগৰিকৰ মাজত সোনকালেই ঠাই উলিয়াই লোৱা বন্ধন বেংক? এই প্ৰশ্নৰ অৱতাৰণা হৈছে আজি ৰিজাৰ্ভ বেংকে দিয়া এটা নিৰ্দেশনাৰ পৃ্ষ্ঠভূমিত। আজি এটা কাঢ়া নিৰ্দেশত বন্ধন বেংকক ৰিজাৰ্ভ বেংকৰ আগতীয়া অনুমতি অবিহনে নতুন শাখা নুখুলিবলৈ কোৱা হৈছে। লগতে মুখ্য কাৰ্য্যবাহীৰ দৰমহা এতিয়া থকা অৱস্থাতে ৰাখিবলৈ কোৱা হৈছে।

ৰিজাৰ্ভ বেংকৰ এই নিৰ্দেশটোত বন্ধন বেংকটোৱে অংশীদাৰিত্বৰ নিয়ম (shareholding rules) মানি চলাত ব্যৰ্থ হোৱা বুলি কোৱা হৈছে।

উল্লেখযোগ্য যে কলকাতাত মুখ্য কাৰ্য্যালয় থকা বন্ধন বেংকৰ অসমত ব্যৱসায় শেহতীয়া দুবছৰত যথেষ্ট সম্প্ৰসাৰিত হৈছে। বিশেষকৈ প্ৰায়বোৰ গাৱঁতে মহিলাসকলে সৰু সৰু গোট গঠন কৰি এই বেংকৰ পৰা ধন সুতলৈ লোৱাৰ লগতে ইয়াত জমাও থয়। যদিও বেংকটোৰ শাখা কম, এজেণ্টৰ জৰিয়তে চলোৱা বেংকৰ এই ব্যৱসায়ৰ পৰিসৰ অতি বিস্তৃত হৈ আছে।

বেংকটোৰ ৱেবছাইটত থকা মতে, ৮৪০টা শাখা আছে। আজিৰ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশটোৰ মতে, বেংকটোৱে Non Operative Financial Holding Company (NOFHC)ত ইয়াৰ অংশ ৪০ শতাংশলৈ হ্ৰাস কৰাত ব্যৰ্থ হৈছে, যিটো অনুজ্ঞাপত্ৰ লাভৰ এটা চৰ্ত আছিল।

মন কৰিব লগীয়া যে বন্ধন বেংকে সহজে টকা ঋণ দি পিছত ডকাহকা দি তাৰ সুত আদায় কৰা বুলি বিভিন্ন সময়ত অভিযোগ উঠি আহিছে। আনকি বন্ধন বেংকৰ নিয়মীয়া কিস্তি সময়ত দিব নোৱৰা বাবে মাৰপিট কৰাৰো অভিযোগ উঠি আহিছে।