সাংঘাতিক বায়ু প্ৰদূষণ : দুই লাখতকৈ অধিক লোক হাস্পাতালত

থাইলেণ্ডত বায়ু প্ৰদূষণৰ বাবে চলিত সপ্তাহত প্ৰায় দুই লাখ লোক বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে। ৰাজধানী চহৰ বেংকককে ধৰি সমগ্ৰ দেশতে বায়ুমণ্ডল ঘন কুঁৱলীৰ দৰে হৈ পৰিছে। উদ্যোগিক নিৰ্গমন আৰু যানবাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰ ফলত এই ভয়ংকৰ বায়ু প্ৰদূষণৰ সৃষ্টি হয়।

দেশখনৰ জনস্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি সংবাদ সংস্থা এ এফ পিয়ে প্ৰকাশ কৰিছে যে বৰ্ধিত বায়ু প্ৰদূষণৰ মাত্ৰাই থাইলেণ্ডৰ স্বাস্থ্য সেৱাৰ ওপৰত যথেষ্ট হেঁচাৰ সৃষ্টি কৰিছে। বায়ু প্ৰদূষণৰ বাবে দেশখনত চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা ১৩ লাখৰো অধিক লোক অসুস্থ হৈ পৰিছে। কেৱল এই সপ্তাহতে প্ৰায় দুই লাখ লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

বায়ু প্ৰদূষণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চহৰখন হৈছে ৰাজধানী বেংকক। যোৱা শনিবাৰে এই জনপ্ৰিয় পৰ্যটন চহৰখনে ছুইজাৰলেণ্ডৰ ‘আই কিউ এয়াৰ’ সংস্থাৰ তালিকাত বিশ্বৰ তৃতীয় প্ৰদূষিত চহৰ হিচাপে স্থান লাভ কৰিছিল।

দেশখনৰ জনস্বাস্থ্য মন্ত্ৰালয়ৰ ডাঃ ক্ৰিয়াংক্ৰাই নামথাইছঙে গৰ্ভৱতী মহিলা আৰু শিশুসকলক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়ে।

ইতিমধ্যে চৰকাৰী কৰ্তৃপক্ষই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। বেংককৰ নাৰ্চাৰী স্কুলৰ শিশুসকলক সুৰক্ষা প্ৰদানৰ বাবে এয়াৰপিউৰিফাইং ‘নো ডাষ্ট ৰুম’ স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও যানবাহনৰ পৰা ওলোৱা ক’লা ধোঁৱাৰ নিৰীক্ষণৰ বাবে চেকপইণ্ট স্থাপন কৰা হৈছে।