কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতৰ জাপৰি পথাৰ অঞ্চলত সমষ্টিৰ বিধায়ক অতুল বৰাৰ অনুগ্ৰহলৈ বাট নেচায় স্থানীয় লোকে শ্ৰমদান কৰি নিজেই পথ মেৰামতিৰ কামত লাগিছে৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা এই গাঁওখনৰ এক মাত্ৰ পথতো বিগত সময়ত কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই।
বাৰিষাতো বাদেই খৰালি কালতো জাপৰি পথাৰৰ জনসাধাৰণে অতি কষ্টৰে যাতায়ত কৰিব লগা হয়৷ বাৰিষা কৰ্দযময় এই পথেৰে কাৰোবাৰ বেমাৰ হ’লে অতি কষ্টৰে চিকিৎসালয়লৈ নিবলগীয়া হয়৷
একাঠু বোকাৰে বিদ্যালয়লৈ যাব লগা হয় ছাত্ৰ-ছাত্ৰী৷ বৰ্হিবিশ্বৰ লগত সংযুক্ত এই পথৰ ওপৰত থকা একমাত্ৰ কালভাৰ্টোও নিম্ন মানৰ হোৱাৰ বাবে শেহতীয়া বানে উটুৱাই নিয়ে৷
ফলত আৰু বেছি কষ্টকৰ হৈ পৰে গাঁওবাসীৰ জীৱন৷
চৰকাৰী আঁচিনয়ে ঢুকি নোপোৱা এই পথটো গাঁৱৰ ডেকা বুঢ়া, গাভৰু মহিলা সকলো ওলায় আহি শ্ৰম দান কৰি মেৰামতি কৰে৷
বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে ভোট বিচাৰি অহা কৃষিমন্ত্ৰী অতুল বৰাই জাপৰি পথাৰৰ এই পথ প্ৰথমতেই নিৰ্মাণ কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও এই প্ৰতিশ্ৰুতি আজিও পূৰণ নকৰিলে অতুল বৰাই৷
ইয়াৰ বাবে কৃষিমন্ত্ৰী গৰাকীৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰে ৰাইজে৷ জাপৰি পথাৰৰ ক্ষোভিত ৰাইজে এতিয়া জন প্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি মত প্ৰকাশ কৰিছে৷