চৈধ্য বছৰ আগতে আৰম্ভণি হৈছিল। অৱশ্যে ইয়াৰ প্ৰভাৱ শেহতীয়াকৈ দেখা পোৱা গৈছে। পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্ৰৰ আৱৰ্তনৰ গতি ক্ৰমান্বয়ে কমি আহিছে। গ্ৰহটোৰ পৃষ্ঠতো একে পৰিস্থিতি পৰ্যবেক্ষণ হ’লে বিষয়টোৰ ইমান গুৰুত্ব নাথাকিলহেঁতেন। কিন্তু তাত গতি লেহেমীয়া হোৱা নাই।
শেহতীয়াকৈ দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই গতিৰ তাৰতম্য নিশ্চিত কৰিছে। তেওঁলোকেই এই ‘অমিল’ আৱিষ্কাৰ কৰিছিল। গৱেষকসকলৰ মতে যদি ভৱিষ্যতেও এই পাৰ্থক্য অটুট থাকে তেন্তে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ অৱস্থাৰ ওপৰত আৰু সৰ্বোপৰি দিন-ৰাতিৰ সময়সীমাৰ ওপৰত ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ দিনৰ ভাগত। এই গৱেষণাৰ বিষয়বস্তু ‘নেচাৰ’ আলোচনীত প্ৰকাশ পাইছে।
লগতে পঢ়কঃEuro 2024: নাক ভাঙিল এমবাপেৰ! অষ্ট্ৰিয়াৰ বিৰুদ্ধে ১-০ গ’লত ফ্ৰান্স জয়ী হ’লেও হতাশ অনুৰাগী
জনা যায় যে ২০১০ চনৰ পৰা পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্ৰৰ ঘূৰ্ণনৰ গতি (Rotation) হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। চল্লিশ বছৰৰ পাছত প্ৰথমে গম পোৱা গ’ল যে গ্ৰহটোৰ মেণ্টেল (Mantle) অংশৰ তুলনাত আভ্যন্তৰীণ কেন্দ্ৰৰ ঘূৰ্ণনৰ গতি ক্ৰমান্বয়ে কমি আহিছে। প্ৰসংগক্ৰমে পৃথিৱীৰ এই আভ্যন্তৰীণ অংশটো পৃথিৱীৰ পৃষ্ঠৰ পৰা ৪৮০০ কিলোমিটাৰতকৈও অধিক তলত। এই অংশটোত লোহা আৰু নিকেলৰ প্ৰভাৱ আছে আৰু আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল এই অংশটো কল্পনাতীতভাৱে উষ্ণ।
এই তথ্যৰ ওপৰত গৱেষণাৰ বাবে বিজ্ঞানী জন ভিডাল আৰু তেওঁৰ সহযোগীসকলে ১৯৯১ চনৰ পৰা ২০২৩ চনলৈকে পৃথিৱীত সংঘটিত হোৱা ১২১টা ভূমিকম্পৰ তথ্য সংগ্ৰহ আৰু পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। সেই কম্পনৰ উৎপত্তিস্থল দক্ষিণ আটলাণ্টিক মহাসাগৰৰ দক্ষিণ চেণ্ডউইচ দ্বীপপুঞ্জত বাৰে বাৰে সংঘটিত হৈছিল।
তদুপৰি, বিজ্ঞানীসকলে ১৯৭১ চনৰ পৰা ১৯৭৪ চনলৈকে চোভিয়েটৰ ফালৰ পৰা ফৰাচী আৰু আমেৰিকাৰ পাৰমাণৱিক পৰীক্ষাৰ ফলাফলসমূহ ফঁহিয়াই চায়। তাৰ পিছত তেওঁলোকে এই সিদ্ধান্তত উপনীত হ’ল। ভিদালৰ মতে, “চিছমোগ্ৰাফটো চাইয়ে বিষয়টো চকুত পৰিছিল। তথাপি মই বাৰে বাৰে ফলাফলবোৰ চাও। তেতিয়াই নিশ্চিত হওঁ।‘’
লগতে পঢ়কঃ কামৰূপ, শৰাইঘাট এক্সপ্ৰেছকে ধৰি ১৯খন ৰে’ল বাতিল; চাওক তালিকাখন
তেওঁৰ মতে, ঘূৰ্ণনৰ গতি হ্ৰাস পোৱাৰ কাৰণটো হৈছে আভ্যন্তীৰণ কেন্দ্ৰৰ অংশক আগুৰি থকা তৰল পদাৰ্থৰ অশান্ত তথা অনিয়ন্ত্ৰিত গতি, যিয়ে ভূ-চুম্বকীয় ক্ষেত্ৰখনকো প্ৰভাৱিত কৰে। লগতে আছে মহাকৰ্ষণ শক্তিৰ প্ৰভাৱ।