নাগৰিকত্ব বিধেয়ক আইনত পৰিণত হ’ব লাগে, বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ হিন্দু ভাৰতলৈ আহিব পাৰে

নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ’ব লাগে আৰু বিশ্বৰ সকলো ৰাষ্ট্ৰৰ হিন্দুক ভাৰতত আশ্ৰয় দিয়াটো দেশৰ ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি। মহানগৰৰ গীতানগৰ হাইস্কুল খেলপথাৰত ২০ জানুৱাৰিত অনুষ্ঠিত আৰ এছ এছৰ প্ৰান্তীয় পদ সঞ্চালন দিৱসত এই ঘোষণা কৰে আৰ এছ এছে।

দিৱসত অংশ গ্ৰহণ কৰি সংগঠনটোৰ অন্যতম নেতা তথা  সম্পৰ্ক প্ৰমুখ ৰঞ্জীৱ শৰ্মাই বিধেয়কখনলৈ মুকলি সমৰ্থন আগবঢ়াই বিধেয়কখন আইনত পৰিণত হ’ব লাগে বুলি কয়।

লগতে তেওঁ কয়, আৰ এছ এছে কোনো হিন্দুক বিদেশী বুলি নাভাৱে গতিকে বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ হিন্দু ভাৰতলৈ আহিব পাৰে।

উল্লেখযোগ্য যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যি সময়ত সমগ্ৰ অসমৰ ৰাইজ তথা বিভিন্ন দল-সংগঠন ঐক্যবদ্ধভাৱে সকলো ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে, সেই সময়তে বিধেয়কখনলৈ মুকলি সমৰ্থন আগবঢ়াই বিশ্বৰ সকলো ৰাষ্ট্ৰৰ হিন্দুক ভাৰতলৈ আনিবলৈ বুলি উঠি পৰি লাগিছে আৰ এছ এছ।

আৰ এছ এছৰ উত্তৰ-পূব প্ৰান্তৰ বাৰ্ষিক প্ৰান্তীয় পদ সঞ্চালন দিৱস কালি ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰত অনুষ্ঠিত হয়।

একেদৰে ধুবুৰীতো ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলুপথাৰত পথ সঞ্চালন অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সহ প্ৰান্ত প্ৰচাৰক গৌৰাংগ ৰায় দেৱেও অংশগ্ৰহণ কৰে।