ৰাছিয়াৰ সেনা বাহিনীয়ে এইবাৰ আক্ৰমণ চলাইছে খেৰছনত; বিস্ফোৰণত কঁপি উঠিছে চহৰ

russia-attacks-kherson

ইউক্ৰেইনত বিশ্বৰ অন্যতম শক্তিশালী দেশ ৰাছিয়াই চলোৱা আক্ৰমণৰ শেহতীয়া খবৰ অনুসৰি ৰাছিয়াৰ সেনাই এইবাৰ খেৰছন চহৰত আক্ৰমণ চলাইছে।

মঙলবাৰে কাহিলী পুৱাতে ৰুছ বাহিনীয়ে ইউক্ৰেইনৰ দক্ষিণ অঞ্চলৰ মিকোলাইভ আৰু নিউ কাখোভকা চহৰৰ মাজত থকা খেৰছন চহৰত আক্ৰমণ কৰা বুলি ইউক্ৰেইনৰ তৰফৰ পৰা দাবী কৰা হৈছে।

আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি অনুসৰি ইউক্ৰেইনৰ চৰকাৰী তথ্য সেৱাৰ পৰা জনোৱা হৈছে যে ৰাছিয়ান সেনাৰ এটা বিশাল বাহিনী বিমানবন্দৰৰ পৰা নিকোলাভ ৰাষ্ট্ৰীয় ঘাইপথ আৰু শীতল পন্যাগাৰ প্ৰকল্পৰ পিনে অগ্ৰসৰ হৈছে।

লগতে পঢ়ক: ক্ৰীড়াতো পৰিল যুদ্ধৰ প্ৰভাৱ! ফিফা-উৱেফাই নিষিদ্ধ কৰিলে ৰাছিয়াক

ইয়াৰ পূৰ্বে খেৰছন চহৰত এক ভয়াবহ বিস্ফোৰণৰ শব্দও শুনা গৈছে বুলি বাতৰিত কোৱা হৈছে।

ইপিনে, খেৰছনৰ স্থানীয় প্ৰশাসনৰ ফেচবুক পেজত কোৱা হৈছে যে চহৰখন ৰুছ সেনা বাহিনীয়ে চাৰিওপিনৰ পৰা ঘেৰি পেলাইছে যদিও এতিয়াও তাক দখল কৰিব পৰা নাই।

সেইদৰে, খেৰছন চহৰৰ মেয়ৰ ইগোৰ কোলিখায়ভে তেওঁৰ ফেচবুকত জানিবলৈ দিয়ে যে ৰাছিয়াৰ সেনাই চহৰখনৰ প্ৰৱেশ পথসমূহত নিৰীক্ষণ চকী বহুৱাইছে।

লগতে পঢ়ক: কিমান পাৰমাণৱিক অস্ত্ৰ মজুত আছে ৰাছিয়াৰ হাতত ?

চহৰখন দখল কৰিবলৈ সম্পূৰ্ণ সাজু হৈ পৰা ৰাছিয়ান সেনা বাহিনীৰ পৰৱৰ্তী কাৰ্যকলাপসমূহৰ লগতে ইউক্ৰেইনৰ প্ৰতিৰোধ কেনেকুৱা হয় তালৈ অপেক্ষা কৰা হৈছে।