অসমৰ এক গুৰুত্বপূৰ্ণ জাতীয় সংগঠন টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ নাজিৰা জিলা শাখাই।
টাইপাৰ নেতা উদ্দিপ্ত গগৈ আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে এই গোচৰ তৰিছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ নাজিৰা জিলা শাখাৰ সভাপতি আৰু সম্পাদকৰ লগতে ধোপাবৰ , জোকতলি, শিলাকুটী, নাজিৰা , আঠখেল আৰু দোপদৰ আঞ্চলিকৰ সৰ্বমুঠ ১০৩ খন প্ৰাথমিক শাখাই।
সোমবাৰে সোণাৰি নগৰৰ মাজমজিয়াত সঙ্ঘৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰিছিল টাইপাই। শেহতীয়াকৈ গহপুৰৰ ককিলাগুৰি প্ৰাথমিক শাখাই এগৰাকী সংগীক বহিস্কাৰ কৰি অৰ্থদণ্ড বিহাৰ লগতে সংস্কাৰ হ’বলৈ নিৰ্দেশ দিছিল। আহোম জনগোষ্ঠীৰ পৰম্পৰাগত মাংগলিক অনুষ্ঠান মেডাম মে ফীত অংশ গ্ৰহণ কৰাৰ বাবে সংগী গৰাকীক বহিষ্কাৰ কৰিছিল সঙ্ঘৰ প্ৰাথমিক শাখাই। অৱশ্যে পিছত বিতৰ্কৰ সূত্ৰপাত হোৱাত সঙ্ঘই এই শাস্তি উঠাই লয়।
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এই কাণ্ডৰ প্ৰতিবাদত টাইপাই আজি সঙ্ঘৰ প্ৰতীক আৰু সংবিধান দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ইফালে সঙ্ঘৰ ভকত সকলে সদলবলে নাজিৰা আদৰ্শ আৰক্ষী থানাত টাইপাৰ বিষয়-ববীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ নাজিৰা আদৰ্শ আৰক্ষী থানা, শিমলুগুৰি আৰক্ষী থানা, গেলেকী আৰক্ষী থানা, হালোৱাটিং আৰক্ষী থানা, লাকুৱা আৰক্ষী থানা, নামতি আৰক্ষী থানা, বিহুবৰ আৰক্ষী থানা আৰু আমগুৰি আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰে সঙ্ঘৰ ভকতসকলে।