এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশৰ অন্তিম তাৰিখ ৩১ জুলাই

Supreme-Court-of-India

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে চলিত বৰ্ষৰ ৩১ জুলাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে অন্তিম সময়সীমা বান্ধি দিছে। সৰ্বোচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছে যে এই সময়সীমা আৰু বৃদ্ধি কৰা নহ’ব।

নিৰ্বাচনী বিষয়া আৰু এনআৰচিৰ বিষয়াৰ যাতে কোনো অভাৱ নহয় কৰে আৰকু যোগ্য কৰ্তৃপক্ষৰ সৈতে একেলগে ইয়াৰ এটা পৰিকল্পনা যুগুত কৰাৰ বাবে এনআৰচিৰ সমন্বয়ক, অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ এখন সভা অনুষ্ঠিত কৰাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে আদেশ জাৰি কৰে।

সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ আফ নৰিমেনৰ একন বিচাৰপীঠে কৈছে যে অসমৰ হকে যুক্তি দৰ্শোৱা মহাধিবক্তা তুষাৰ মেহতাই এই বৈঠকখন ৭ দিনৰ ভিতৰতে অনুষ্ঠিত কৰাটো নিশ্চিত কৰিব। এই বৈঠকৰ সিদ্ধান্ত ৫ ফেব্ৰুৱাৰিত উচ্চতম ন্যায়ালয়ত জনোৱা হ’ব আৰু তাৰ পাছত এই বিষয়ত বিচাৰপীঠখনে আলোচনা কৰিব।

উল্লেখ্য যে এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ আৰু তাৰে ৩৬.২ লাখ লোকে ইয়াত অন্তৰ্ভুক্তকৰণৰ দাবীৰে প্ৰপত্ৰ পূৰণ কৰাৰ কথা উচ্চতম ন্যায়ালয়ক অৱগত কৰা হৈছিল।

এই একেই সময়তে এনআৰচিৰ খচৰাত অন্তৰ্ভুক্ত হোৱাৰ বিষয়ত ২ লাখ অভিযোগ পঞ্জীয়নভুক্ত কৰা হৈছে। প্ৰণিধানযোগ্য যে ২০১৮ৰ ৩০ জুলাইত প্ৰকাশিত এনআৰচিৰ খচৰাত অসমত বাস কৰা মুঠ ৩.২৯ কোটি লোকৰ ভিতৰত ২.৯ লোক লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।