ত্ৰিপুৰাৰ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক ৰাখী পিন্ধালে স্কুলীয়া ছাত্ৰীয়ে

x-570x320

শব্দৰে বুজাব নোৱাৰা এটি মধুৰ সম্পৰ্ক হৈছে ‘ভাই-ভনী’। ভাতৃ-ভগ্নীৰ অকৃত্ৰিম প্ৰেম, আত্মীয়তা, একতা, শ্ৰদ্ধা, দায়িত্ববোধ আৰু ৰক্ষণশীলতাৰ চিন স্বৰূপে প্ৰতিবছৰে শ্ৰাৱন মাহৰ পূৰ্ণিমা তিথিৰ দিনা দেশজুৰি পালন কৰা হয় ৰাখী বন্ধন।

সমগ্ৰ দেশতে আজি ভাই-ভনীসকলে ৰাখী বন্ধনৰ দৰে পৱিত্ৰ উৎসৱ পালন কৰাত ব্যস্ত। কিন্তু যিকোনো পৱিত্ৰ উৎসৱতে নিজৰ আপোন ঘৰখনৰ পৰা আঁতৰত থাকে জোৱানসকল। উৎসৱ পাৰ্বণ পালন কৰাৰ বিপৰীতে সদাই নিজৰ আপোন দেশ মাতৃক সুৰক্ষা দিয়াত ব্যস্ত থাকে জোৱানসকল।

আজিৰ এই পৱিত্ৰ দিনটোত জোৱানসকলে যাতে অকলশৰীয়া অনুভৱ নকৰে সেই উদ্দেশ্যেৰে ত্ৰিপুৰাৰ কিছু স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৰাতিপুৱা ওলাই আহি সীমান্তত দিন-ৰাতি পহৰা দি থকা জোৱানসকলক ৰাখী পিন্ধোৱা পৰিলক্ষিত হয়।

ত্ৰিপুৰাৰ ধৰ্মনগৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ মালাকৰ বস্তীত বি এছ এফৰ ১৬৬নং বেটেলিয়নৰ জোৱান তথা বিষয়াসকলক মন্তেশ্বৰী শিক্ষা ভৱনৰ ছাত্ৰীসকলে ৰাখি পিন্ধায়। আৰু এইদৰে বি এছ এফৰ জোৱান আৰু ছাত্ৰীসকলে আজিৰ দিনটোত পালন কৰে পৱিত্ৰ ৰাখী বন্ধনৰ উৎসৱ।

জোৱানসকলে স্কুলীয়া ছাত্ৰীসকলৰ লগত ৰাখী বন্ধনৰ দৰে পৱিত্ৰ উৎসৱ পালন কৰাৰ পাছত বেটেলিয়নৰ কামাণ্ডেণ্ট সীতাৰাম বেৰুৱাহে কয় যে এয়া আমাৰ বাবে গৌৰৱৰ বিষয় যে স্কুলীয়া ছাত্ৰীসকলে আজিৰ এই পৱিত্ৰ দিনটোত মৰমৰ উপহাৰ হিচাপে আমক ৰাখি পিন্ধায়।

আনহাতে আন এজন উচ্চ পৰ্যায়ৰ বিষয়াই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয় যে এই স্কুলীয়া ছাত্ৰীসকল আমাৰ নিজৰ ভগ্নীৰ দৰে সেয়ে আমি এওঁলোকক সদায় সুৰক্ষা দিয়াৰ বাবে দায়বদ্ধ।

উল্লেখযোগ্য যে ভাতৃত্ববোধ দৃঢ় কৰি ৰাখিবলৈ হিন্দু ধৰ্মৰ ভাই-ভনীৰ মাজত এই ৰাখী বন্ধন উৎসৱ অতীজৰে পৰা প্ৰচলিত হৈ আছে।