নলবাৰীত অনুষ্ঠিত হ’ল ৰাইজৰ দলৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস

অসম জাতীয় পৰিষদৰ নেতৃত্বৰো অংশগ্ৰহণ

আজি ৰাইজৰ দলৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ঘোগাত অনুষ্ঠিত হয়। অসমত আঞ্চলিকতাবাদী শক্তিৰ ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত আজি একেখন মঞ্চত ঐক্যবদ্ধ হৈ ঠিয় দিয়ে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ নেতৃত্ব ।

ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, ৰাইজৰ দলৰ উপদেষ্টা তথা শিক্ষাবিদ ড° ঘনশ্যাম নাথ, ৰাইজৰ দলৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা, বিশিষ্ট অভিনেতা মিৰেল কুদ্দুছ আৰু বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ নেতৃত্বক জাতিৰ এই সংকটৰ সময়ত ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ আহ্বান জনায়।
ভাষণ প্ৰসংগত তেখেতসকলে মত পোষণ কৰে যে ঐক্যবদ্ধ আঞ্চলিক শক্তিয়েহে সাম্প্ৰদায়িক ৰাজনীতিক প্ৰতিহত কৰিব পাৰিব।

সভাত মুখ্য বক্তা হিছাপে অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই কয় যে তেখেতে কাৰাগাৰত থকাৰ সময়ৰে পৰা এক ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তিৰ পোষকতা কৰিছিল । এতিয়া সকলোৱে আঞ্চলিক শক্তিৰ ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ পক্ষত ঠিয় দিছে। তেখেতে লগতে কয় যে ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ কাৰণে ৰাইজৰ দল সৰ্বোচ্চ ত্যাগৰ বাবেও সাজু। অখিল গগৈয়ে উপস্থিত জনতাক হিন্দু মুছলমান হিচাপে নহয় অসমীয়া হিচাপে পৰিচয় দিবলৈ আহ্বান জনায়। হিন্দু মুছলমানৰ ৰাজনীতি নহয় উন্নয়নৰ ৰাজনীতিয়েহে এই সময়ত জাতিৰ লগতে অসমক বচাব পাৰিব। ২০২৪ত বিজেপি যদি পুনৰ শাসনলৈ আহে তেনেহ’লে বিশ্বৰ বৃহৎ গণতান্ত্ৰিক দেশ ভাৰত, বিশ্বৰ বৃহৎ হিন্দু মৌলবাদীৰ দেশত পৰিগণিত হ’ব।

সভাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে অসম জাতীয় পৰিষদো ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ পক্ষত সদায় আছে। তেখেতে ভাষণ প্ৰসংগত কয় যে মুছলমান জনসাধাৰণে এআইডিইউএফ আৰু বদৰুদ্দিন আজমলৰ স্বৰূপ বুজি উঠা উচিত। সভাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন, প্ৰচাৰ সম্পাদক
জিয়াউৰ ৰহমান তথা নেতা বাণী দাসেও সাম্প্ৰদায়িক শক্তিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰে।

ইয়াৰ পূৰ্বে দলৰ কাৰ্যকৰী সভাপতিদ্বয় ভাস্ক’ ডি শইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকনে পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শ্বহীদ তৰ্পন অনুষ্ঠানৰ পিছতে বৃক্ষ ৰোপণ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে দলৰ উপ সভাপতি হৰেশ্বৰ বৰ্মনে।