মৃত্যুৰ ৯ বছৰৰ পিছত উদ্ধাৰ হ’ল তালিবানী নেতাৰ গোপন কবৰ

যোৱা ৯ বছৰে মোল্লাৰ পৰিয়ালৰ লোকে হে জানিছিল কবৰটোৰ স্থান সম্পৰ্কে।

১৯৯৩ চনত আফগানিস্তানত হোৱা গৃ্হযুদ্ধৰ সময়ত মোল্লা ওমৰে তালিবান প্ৰতিষ্ঠা কৰিছিল । ইয়াৰ পিছত ১৯৯৬ চনৰ পৰা ২০০০ চনলৈকে আফগানিস্তানত চলিছিল তালিবানৰ শাসন। কিন্তু ২০০১ চনত আমেৰিকাৰ হস্তক্ষেপত আফগানিস্তানৰ পৰা তালিবানক উৎখাত কৰা হয়।

তেতিয়াৰে পৰা আফগানিস্তানত সন্ধানহীন আছিল মোল্লা ওমৰ। বহুতে উৰা বাতৰি উলিয়াইছিল যে এই ঘটনাৰ পিছতেই মোল্লা ওমৰৰ মৃত্যু ঘটিছে।

এনেদৰে বহু বছৰ পাৰ হৈ যোৱাৰ পিছত ২০১৫ চনত তালিবানে প্ৰকাশ কৰিছিল যে দুবছৰৰ আগতে মোল্লা ওমৰৰ মৃত্যু ঘটিছে। কিন্তু তেতিয়া কোনেও কোৱা নাছিল তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰৰ সমাধিটো ক’ত আছিল। কোনেও বিচাৰি পোৱা নাছিল মোল্লাৰ মৃতদেহ বা কবৰ। গোপনে ৰখা হৈছিল মোল্লাৰ কবৰটো।

এতিয়া সুদীৰ্ঘ ৯ বছৰৰ মূৰত উদ্ধাৰ হৈছে এসময়ত আফগানিস্তানত নিজৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা মোল্লা ওমৰৰ কবৰটো।

যোৱা দেওবাৰে তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে নিশ্চিত কৰে যে আফগানিস্তানৰ জাবুল প্ৰদেশৰ চুৰি জিলাৰ ওমৰজোৰ গাঁৱত আছে মোল্লা ওমৰৰ কবৰ। শত্ৰুৱে যাতে তালিবানৰ নেতা জনৰ কবৰটোৰ একো অনিষ্ট কৰিব নোৱাৰে তাৰ বাবেই যোৱা ৯ বছৰে গোপনে ৰখা হৈছিল উক্ত স্থান। যোৱা ৯ বছৰে মোল্লাৰ পৰিয়ালৰ লোকে হে জানিছিল কবৰটোৰ স্থান সম্পৰ্কে। এতিয়া শত্ৰুৰ ভয় আঁতৰি যোৱাত জনসাধাৰণৰ বাবে কবৰটো মুকলি কৰি দিয়া হৈছে বুলি জানিবলৈ দিছে তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে।