ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদ নেওচি পূৰ্বৰ মতেই ফল ঘোষণা কটনৰ নিৰ্বাচনৰ; পলাতকৰ ভূমিকাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ

শনিবাৰে অনুষ্ঠিত হৈ যোৱা ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ছাত্ৰ  একতা সভাৰ নিৰ্বাচনৰ উপসভাপতি আৰু সাংস্কৃতিক সম্পাদক পদৰ ভোট গণনাত খেলিমেলি হোৱাৰ অভিযোগ তুলি বিশ্ববিদ্যালয়ৰ নিৰ্বাচন কমিটিক পুনৰ ভোট গণনাৰ বাবে বাৰম্বাৰ দাবী কৰাৰ পিছতো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিষয়টো আওকান কৰি পলাতকৰ ভূমিকা পালন কৰে।

বিশ্ববিদ্যালয়খনৰ একাংশ ছাত্ৰই জনোৱা অনুসৰি আজি পুৱা ৮ বজাৰ পৰা পদ দুটাৰ বাবে পুনৰ ভোট গননা কৰাৰ কথা আছিল যদিও এতিয়ালৈকে বিশ্ববিদ্যালয়ত উপস্থিত হোৱা নাই কৰ্তৃপক্ষ। আনিক তেওঁলোকক ফোন যোগে কলেজখনৰ একাংশ ছাত্ৰই যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে যদিও তেওঁলোকে ফোন ৰিচিভ কৰা নাই বুলি জানিব পৰা গৈছে।

ইফালে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদকো নেওচি এক প্ৰকাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদক আওকাণ কৰি কলেজ কৰ্তৃপক্ষই ঘোষণা কৰা নিৰ্বাচনৰ ফলাফল অনুসৰি নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী ব্ৰজেন ফুকনে সভাপতি পদত জয়লাভ কৰে।

উল্লেখযোগ্য যে ব্ৰজেন ফুকন আৰু উপ সভাপতি পদৰ প্ৰাৰ্থী সঞ্জয় ডেকাই বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ নিৰ্বাচনৰ নামত ব্যয়বহুলতাৰ বিৰোধিতা কৰি ব্যতিক্ৰমী ধৰণেৰে প্ৰচাৰ চলোৱাৰ বাতৰি নৰ্থ-ইষ্ট নাওত প্ৰকাশ পাইছিল।

আনহাতে সাধাৰণ সম্পাদক পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী প্ৰাঞ্জল কলিতাই জয় লাভ কৰে।

তাৰোপৰি নিৰ্বাচনত আছুৰ সমৰ্থনত ক্ৰমে উপ সভাপতি  ভায়োলিনা ডেকা,  সহকাৰী সাধাৰণ সম্পাদক পদত মধুষ্মিতা দাস, বিশ্ববিদ্যালয়খনৰ মুখপত্ৰ “কটনিয়ান” ৰ সম্পাদক পদত গীতাৰ্থ দাস,  ছাত্ৰ জিৰনি কোঠাত ঋষিৰাজ ডেকা, ছাত্ৰী জিৰনি কোঠাত মনিষা শৰ্মা,  তৰ্ক আৰু আলোচনা  বিভাগত হিৰকজ্যোতি ডেকা, সমাজ সেৱা সম্পাদক পদত সঞ্চিতা দাস,  সাংস্কৃতিক সম্পাদক পদত  যোগ্যজ্যোতি সোনোৱাল,  সাধাৰণ ক্ৰীড়া সম্পাদক পদত ৰমেন বড়ো আৰু ক্ৰীকেট শাখাত ৰাজু বসুমতাৰীয়ে জয় লাভ কৰে।

ইফালে ছাত্ৰ মুক্তিৰ সমৰ্থনত সাধাৰণ সম্পাদকৰ উপৰিও সংগীত শাখাৰ সম্পাদক পদত প্ৰতিক্ষা গগৈ, ফুটবল শাখাত দাওহাৰু বৰগয়াৰী, লঘু খেল বিভাগত দেৱাশ্ৰী সাহা, ৰয়িং, সাঁতোৰ আৰি জিমনেচিয়াম শাখাত ৰহিত শৰ্মা বিজয়ী হয়।

প্ৰণিধানযোগ্য যে এইবাৰ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মুঠ ১৮ টা পদৰ বিপৰীতে ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছিল।

টেনিচ শাখাৰ সম্পাদক আৰু হকী শাখাৰ সম্পাদক পদত এজনকৈ ছাত্ৰই প্ৰাৰ্থীত্ব আগবঢ়াইছিল। গতিকে তেওঁলোক বিনা প্ৰতিদ্বণ্ডিতাই নিৰ্বাচিত হয়।