৮ বছৰত ৰাজ্য চৰকাৰে অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে ৬৮৫ খনকৈ বাৰৰ

যোৱা ৮ বছৰত অসম চৰকাৰে  ৬,৩৩৫ খন চৰকাৰী বিদ্যালয় বিদ্যালয় বন্ধ কৰি দিছে। ঋণ লৈ লৈ ধাৰৰ বোজা জাপি দিছে ৰাজ্যবাসিৰ মূৰত। ৰাজ্য চলাব নোৱাৰি ইয়াৰ বিপৰীতে কৰক সংগ্ৰহৰ বাবে অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে ৬৮৫ খনকৈ বাৰৰ। এই তথ্য আমি কোনো হোৱাটছ এপ ইউনিভাৰচিটিৰ পৰা লোৱা নহয়, এই তথ্য হৈছে বিৰোধীৰ প্ৰশ্নত অসম বিধান সভাত বিজেপিৰ মন্ত্ৰীয়ে দিয়া উত্তৰৰ পৰা পোৱা তথ্য।

ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পৰা বিগত ৮ বছৰত মাত্ৰ ১৬ খন বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞা পত্ৰ দিয়াটো দেখুওৱা হৈছে যদিও এই একেখিনি সময়ত চৰকাৰে ৬৮৫

খন বাৰৰ অনুজ্ঞা পত্র দিছে। পূৰ্বৰ বছৰসমূহৰ কথা বেলেগেই, মাত্ৰ ৮ বছৰত ৰাজ্যত গঢ় লৈ উঠিছে ৬৮৫ খন বাৰ।

নিৰ্দলীয় বিধায়ক অখিল গগৈৰ  লিখিত প্রশ্নৰ উত্তৰত অসম বিধানসভাৰ অধিৱেশনত এই বিস্ফোৰক তথ্য ফাদিল হৈছে।

ডাঙৰ কথাটো এয়ে যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ পাঁচবছৰীয়া কাৰ্যকালত যিমান সংখ্যক বাৰৰ অনুজ্ঞা পত্ৰ দিয়া হৈছিল, ড’ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ দুবছৰতেই  দিলে সমান সংখ্যক বাৰৰ অণুজ্ঞাপত্ৰ। 

আবকাৰী বিভাগৰ তথ্য অনুসৰি  ২০২৩-২৪ বিত্তীয় বৰ্যটোতেই  ১০০ খন বাৰৰ অনুজ্ঞা পত্ৰ দিয়া হৈছে ৰাজ্যত।

সেইদৰে বিগত ৮ বছৰৰ ভিতৰত ২০২২-২৩ বৰ্ষত সৰ্বাধিক সংখ্যক বাৰৰ অনুজ্ঞা পত্ৰ দি ইতিহাস ৰচিছে ৰাজ্য চৰকাৰে । 

উল্লেখ্য যে  ২০২২- ২৩ বৰ্ষত ৰাজ্য চৰকাৰে প্ৰদান কৰিছে  সৰ্বমুঠ ১৯১ খন বাৰৰ অনুজ্ঞা পত্ৰ। ইয়াৰ সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ২০২২ চনতে গাঁও অঞ্চলৰ মুঠ ৪০৮ খন বাৰক সুৰাৰ বিপণীলৈ ৰূপান্তৰিত কৰিলে। 

বিগত ৮ বছৰত কেৱল বিলাতী সুৰাৰ বাৰ বা বিপণীৰ সংখ্যা বৃদ্ধি কৰাই নহয়, এই একেখিনি সময়ত ৰাজ্যত খোলা হ’ল ৬৪১ খন দেশীয় সুৰাৰ দোকানে৷

উল্লেখ্য যে ২০১৭-১৮ বৰ্ষৰ পৰা অসমত নিয়মীয়াকৈ প্ৰদান কৰি অহা হৈছে দেশীয় সুৰাৰ বিপনীৰ অনুজ্ঞা পত্ৰ। বিভাগীয় তথ্য অনুসৰি  ২০১৭-১৮ বৰ্ষত ১৯০ খন ২০১৮-১৯ বৰ্ষত ১২৪ খন ২০১৯-২০ বৰ্ষত ৫২ খন, ২০২০- ২১ বৰ্ষত ৭২ খন, ২০২১-২২ বৰ্ষত ৬৩ খন ২০২২-২৩ বৰ্ষত ৮৩ খন,  আৰু ২০২৩-২৪ বৰ্ষত ৫৭ খন অনুজ্ঞা পত্ৰ দিছে দেশীয় সুৰাৰ দোকানৰ ।

এনেকৈ সুৰাৰ দোকান আৰু বাৰৰ দোকানৰ সংখ্যা বৃদ্ধি কৰি  ২০১৬-১৭ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষ পৰ্যন্ত চৰকাৰে আবকাৰীৰ পৰা ভেটসহ  সংগ্ৰহ কৰিছে – সৰ্বমুঠ ৩৮১৬.১৮ কোটি টকাৰ ৰাজহ ।

উল্লেখ্য যে শেহতীয়া চৰকাৰী তথ্য অনুসৰি অসমত বাঢ়ি আহিছে আধাতে স্কুল এৰা ল’ৰা ছোৱালীৰ সংখ্যা। লগতে বন্ধ কৰি দিয়া হৈছে ইখনৰ পিছত সিখনকৈ চৰকাৰী বিদ্যালয়। এতিয়া প্ৰশ্ন হয় আধাতে স্কুল এৰুৱাই আওপকীয়াকৈ স্কুলৰ পৰা বাৰলৈ আমন্ত্ৰণ জনোৱা হৈছে নেকি ৰাজ্যৰ তৰুণ প্ৰজন্মক? কৰ সংগ্ৰহৰ বাবে ৰাজ্যৰ নৱ প্ৰজন্মৰ মুখৰ আগলৈ আগবঢ়াই দিয়া হৈছে নেকি বিলাতী মদৰ বটল?